দৃশ্যান্তৰ
পঁচিশ বছৰৰ আগতে
এই ঠাইতেই এজনক লগ পাইছিলোঁ।
আলি-কেঁকুৰিটো আছিল কেঁচা।
সময়টো আছিল গধূলি।
তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল
নিজৰ ঘৰৰ পদূলি।
এটা পঁজাঘৰ।
আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল।
ঘৰৰ দাঁতিত আগলি বাঁহৰ
নমিত নমস্কাৰ।
পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো
কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।
ওচৰত সহায় সাৰথি কেও নাছিল।
মই যেতিয়া হাতত ধৰি তেওঁক
আগুৱাই দিছিলোঁ, কৈছিল,
বৰ শান্তিত আছোঁ
এই পঁজাটিত।
আজি এই ঠাইতেই লগ পালোঁ আৰু এজনক
বৃদ্ধ ন্যুব্জ দেহ। বয়সৰ চিন নোহোৱা হ'লে মুখত পঁচিশ বছৰ আগৰ সাইলাখ সাঁচ।
সাতমহলীয়া ঘৰৰ বাহিৰত তেওঁ ৰৈ আছিল।
ওচৰে-পাঁজৰে আন কেবাটাও অট্টালিকা।
এটাতকৈ আনটোৰ ৰূপ চৰা।
সন্ধ্যা ভগাৰ বহুত পাছতো মানুহ পিয়াপি দি ফুৰিছিল।
চশমাৰ তলেৰে সন্দেহেৰে চাই তেওঁ মোক সুধিলে,
হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?
ভাৰাঘৰ বিচাৰি আহিছা
এই কুবেৰৰ মহলাত! ক’ত পাবা আৰু পালেও
কি শান্তিত থাকিবা ইয়াত। মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই। যখৰ পোৱালিহঁতে কাক কোনে চায়!
এই বুলি কৈ তেওঁ সাতমহলীয়া ঘৰৰ ভিতৰলৈ
সোমাই গ'ল। এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালোঁ আৰু।
বৰ অশান্তিৰে উভতি আহিলোঁ।
কবি: হৰেকৃষ্ণ ডেকা ।
0 Comments
Comment