অমৰ বাণী
১) গণতন্ত্ৰ জনসাধাৰণৰ দ্বাৰা আৰু জনগণৰ বাবে।
--------— আব্রাহাম লিংকন
২) প্রকৃত প্রগতিবাদী সমাজ গঠন কৰিবলৈ হলে গণতন্ত্ৰৰ আৱশ্যক, কিন্তু গণতন্ত্র স্থাপন কৰিবলৈ হলে ধনতন্ত্র বাদৰ মষিমূৰ কৰিব লাগিব। অন্যথা প্রকৃত প্রগতিবাদী সমাজ প্রতিষ্ঠা হব নোৱাৰে।
------- বিষ্ণু প্ৰসাদ ৰাভা
৩) আনে মোৰ বিষয়ে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়৷ মই পিচে কি কম আৰু কৰিম সেইটোহে গুৰুত্বপূৰ্ণ।
------------ ৰবীন্দ্ৰনাথ ঠাকুৰ
৪) সহজ সৰল হোৱাটোৱেই সৰ্বোতকৃষ্ট গুণ। তাৰ পিছত উৎকৃষ্ট গুণটো হল ভদ্ৰতা। কিন্তু নিৰৱতা অৱলম্বন কৰাটো গুণনে দুৰ্গুন সেই সম্পর্কে সন্দেহান্বিত। -
-------------- জি. কে. চেষ্টাৰটন
৫) অধমে দোষ বিচাৰে, মধ্যজনে দোষ গুণ আৰু উত্তমজনে কেৱল গুণহে বিচাৰে৷
------------ লেনিন
৬) গুণ নাথাকিলে ৰূপে শোভা নাপায়, দুষ্ট প্রকৃতিয়ে বংশ নাশ কৰে, সৎ আচৰণ নকৰিলে বিদ্যাৰ কোনো মূল্য নাই আৰু ভোগহীনৰ সকলো ধর্ম বিফলে যায়।
---------- চানক্য
৭) বিপদ – বিঘিনিবোৰ ঘটে আমাৰ ভালৰ কাৰণেহে। ডাঙৰ অকৃতকার্যতা আৰু বিনাশে মহৎ গৌৰৱৰ পথ নির্মান কৰে।
----------- ছেনেকা
৮) চৰিত্ৰ এখিলা বগা কাগজৰ দৰে। এবাৰ যদি দাগ পৰে, ইয়াক আগৰদৰে আকৌ বগা কৰা টান।
----------- জে, হজ
৯) ধন হেৰালে একোৱেই নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায় কিন্তু চৰিত্ৰ হেৰালে সকলোখিনি হেৰায় ৷
----------- চক্ৰেটিছ
১০) শাসকে চৰিত্ৰ সংশোধন কৰিব ললে শাসন কার্য সহজ হৈ পৰে। যদি নিজৰেই চৰিত্ৰ সংশোধন নকৰে তেন্তে শাসকে আনৰ চৰিত্ৰ কেনেকৈ সংশোধন কৰিব?
----------- কনফুচিয়াচ
১১) যি নিজকে চিনি পায় তেওঁ ভগৱানকো চিনি পায়।
-----------— আবুল কালাম
১২) বিজ্ঞানৰ প্ৰত্যেক শাখাই দর্শন হিচাপে আৰম্ভ হয় আৰু কলা হিচাপে শেষ হয় ।
---------- উইল ডুনান্ট
১৩) বিজ্ঞানক বাদ দি ব্যক্তিগত বা জাতীয় কোনো ধৰণৰ উৎকর্ষ সাধন সম্ভৱপৰ নহয়।
-------- লুথাৰ বাৰবেঙ্ক
১৪) হিংসা, গৰ্ব আৰু ধনলিম্পা --- ইহঁত তিনিটা জুইৰ ফিৰিঙতি। ইহঁতে হৃদয়খন সম্পূৰ্ণৰূপে দগ্ধ কৰে।
------------ ডান্টে
১৫) ফুলৰ পাহি সম্পূৰ্ণৰূপে মেল নোখোৱালৈকে ইয়াক চুব নাপায়, নহলে সেই ফুলৰ গোন্ধও নাথাকে কলিও নধৰে ৷
------------ মাক্সিম গৰ্কী
১৬) জীৱন হ’ল এনে এটা খেলা, যিটো খেলাত প্ৰত্যেকে হাৰে।
----------- লিও ছাকাৰ্দি শ্বলাৰ
১৭) প্রত্যেকে প্রত্যেকৰ দুৰ্বল নিন্দনীয় দিশটোৰ কথা আনতকৈ ভালদৰে জানে কাৰণেই তেওঁলোকে হোৱাই নোহোৱাই বদনাম গাই ফুৰে, কাজিয়া কৰে।
----------- মাক্সিম গৰ্কী
১৮) উচ্চমান আৰু নিখুঁত খেল প্ৰদৰ্শন কৰিবলৈ হলে খেলুৱৈসকলৰ বাবে ড্ৰাগছ একেবাৰে বর্জনীয়।
---------- পেলে -
১৯) বন্ধু বাছি লোৱাৰ সময়ত আমি আমাৰ নিজৰ ৰুচি আৰু আনন্দৰ দ্বাৰাহে পৰিচালিত হওঁ।
-
----------- লা ৰোশফুকু
২০) যি বন্ধুত্ব কেৱল কোনো লক্ষ্য লৈ গঢ়ি উঠে সেই বন্ধুত্ব শেষলৈ বৰ্তি নাথাকে।
------------ জোচেফ পুলিৎজাৰ
২১) আনৰ কথাত কাণ নিদিবা, কিন্তু অন্তৰ উজাৰি তোমাৰ মনৰ কথা কাকো নকবা। কাৰণ সেই বন্ধুজন কেতিয়াবা শত্রু হলে তোমাৰ গোপন কথা জগতে জানিব।
----------- তুলসী দাস
২২) কিতাপক নিষিদ্ধ কৰিব নোৱাৰি। কিতাপ পুৰি নিশ্চিহ্ন কৰিব নোৱাৰি, মানুহৰ চিন্তাক কাৰাগাৰত বন্দী কৰি ৰাখিব নোৱাৰি।
---------- এলফ্রেড্ হইটন্ ঘাছউন্ড
২৩) বাসনা মুৰ্খৰ স্থায়ী ক্ষয়ৰোগাক্রান্ত জ্বৰ।
----------- ইয়্ং
0 Comments
Comment