আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস ( নৱ প্ৰস্তৰ যুগ)
১) উত্তৰ লিখা —
ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল?
উত্তৰ: সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহৰ বিষয়ে বুজাইছিল।
খ) আদিম মানুহে হাবিত পোৱা ফলমূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল ?
উত্তৰ: আদিম মানুহে হাবিত পোৱা ফলমূলৰ গছবোৰৰ বিষয়ে লক্ষ্য কৰিছিল যে কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফলমূল দিয়া গছ গছনিবোৰ ক'ত বেছিকৈ গজে, ইত্যাদি।
গ) খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল?
উত্তৰ: খেতি কৰাৰ বাবে আদিম মানুহে শিলেৰে সঁজুলি তৈয়াৰ কৰিছিল।
ঘ) আদিম মানুহে কি কি কাৰণে জীৱ - জন্তু পুহিছিল?
উত্তৰ: আদিম মানুহে পহৰা দিয়া, চিকাৰত সহায় কৰা আদি কামবোৰৰ বাবে কুকুৰ পুহিছিল। আকৌ মঙহ, গাখীৰ আদিৰ বাবে গৰু , ছাগলী , ভেড়া, গাহৰি আদি পুহিছিল।
ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল ?
উত্তৰ: চকাৰ ব্যৱহাৰে আদিম মানুহক জীৱন ধাৰণ প্ৰণালীত অধিক পৰিমাণে সহায় কৰিছিল। এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ যোৱাত চকা দি তৈয়াৰ কৰা গাড়ী ব্যবহাৰ কৰিছিল। ইয়াৰ উপৰি মাটিৰ পাত্ৰ বনোৱাটো চকা ব্যৱহাৰ কৰিব পাৰিছিল।
চ) গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল?
উত্তৰ: গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ বহুতো সুবিধা হৈছিল। যেনে – খেতি কৰাত সহায় হৈছিল, মানুহৰ নিৰাপত্তা আৰু সহায় - সহযোগিতা নিশ্চিত হল।
ছ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যবহাৰ কৰিছিল?
উত্তৰ: আদিম মানুহে ৰন্ধা - বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ মাটিৰ পাত্ৰ ব্যবহাৰ কৰিছিল।
২) মানচিত্ৰ পৰ্যবেক্ষণ কৰি উত্তৰ দিয়া —
দাওজালি হাডিং কোন জিলাত? তোমাৰ জিলাখনৰ পৰা ই কোন দিশত অৱস্থিত?
উত্তৰ: দাওজালি হাডিং উত্তৰ কাছাৰ জিলাত অৱস্থিত।
৩) প্ৰকল্প প্ৰস্তুত কৰা —
তোমাৰ অঞ্চলত চকা কি কি কামত ব্যবহাৰ কৰা হয়?
উত্তৰ:
১) মাটিৰ পাত্ৰ বনাবলৈ
২) ঠেলা গাড়ীত
৩)অন্যান্য যান - বাহানত
৪) ভাৰতৰ এখন মানচিত্ৰ আঁকি তলৰ ঠাইবোৰ যথাস্থানত বহুৱা —
ক) বুৰ্জাহোম
খ) মহাগড়
গ) চিৰাণ্ড
ঘ) ভীমবেটকা
ঙ) পৈয়ামপল্লী
উত্তৰ:


Comments
Post a Comment
Comment