মোৰ জীৱনৰ স্মৰণীয় দিন

মোৰ জীৱনৰ স্মৰণীয় দিন

 মোৰ জীৱনৰ স্মৰণীয় দিন



স্মৰণীয় দিন বা ঘটনা সেইবোৰে হয়,  যিবোৰ সাধাৰণ  দিন বা ঘটনাতকৈ বেলেগ ধৰণৰ হয়। প্ৰতিজন ব্যক্তি  কিছুমান স্মৰণীয় দিন বা ঘটনাৰ দ্বাৰা পৰিচিত হয়। ময়ো তাৰ ব্যতিক্ৰম নহয়। মোৰ অন্তৰতো কিছু স্মৰণীয় ঘটনাই সাঁচ বহুৱাই গৈছে । মই মোৰ জীৱনত সাক্ষী হোৱা সেই স্মৰণীয় ঘটনাৰ বিষয়ে লিখিবলৈ লৈছোঁ।


মই মোৰ জীৱনত সাক্ষী হোৱা দুটা দিনৰ কথা লিখিবলৈ লৈছো।  মোৰ সৰুৰে পৰাই বিভিন্ন পুথিৰ প্ৰতি ৰাপ আছিল। আৰু সেই ৰাপ আহিছিল মোৰ দেউতাৰ পৰা। দেউতাই বিভিন্ন ধৰণৰ সাধুকথা কৈ বিভিন্ন পৰিস্থিতিৰ লগত চলি থাকিব শিকাইছিল। তাৰ উপৰিও আৰু বিভিন্ন ব্যক্তিৰ পৰা বিভিন্ন জ্ঞান শুনিব পাই মোৰ মনতো বিভিন্ন পুথিৰ প্ৰতি আগ্ৰহ জন্মিছিল।গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লাভ কৰি উঠি এটা বেলেগ পৰিস্থিতিৰ মুখা - মুখি হৈছিলো। চাৰিওফালে ক'ৰোনা মহামাৰীৰ তাণ্ডব চলিছিল। এনে সময়তে মই কিছু জ্ঞান লাভৰ সন্ধান কৰিছিলোঁ। 



দিন ১: দেউতাৰ পৰা প্ৰথমে পুথি পাঠ কৰাৰ প্ৰশিক্ষণ লৈছিলো। দেউতাই প্ৰথম দিনাই কীৰ্তন খন পঢ়িবলৈ শিকাইছিল। এনেতে বাক্যামৃত পঢ়ি থাকোঁতে এদিন পাইছিলো ৰজা হৰিশ্চন্দ্ৰৰ কথা , যিটো অধ্যায় পঢ়ি মোৰ অন্তৰে কান্দি উঠিছিল। ৰজা হৰিশ্চ্দ্ৰ কেনেকৈ নিজে এজন ৰজা হৈও নিজৰ সৰ্ব্বস্ব হেৰুৱাব লগা হৈছিল।  এজন দানবীৰ ৰজা হৈ তেওঁ নিজৰ ৰাজ্য , ধন - সম্পত্তি , নিজৰ পত্নী,পুত্ৰ ক হেৰুৱাই নিজে চণ্ডাল হবলগা হৈছিল। মানুহ এজনে কেনেকৈ ইমানখিনি পৰিস্থিতিৰ সন্মুখীন হৈ জীৱন কটাব পাৰিছিল তাকে ভাবি মই আচৰিত হৈছিলো। সেই দিনটোত মই অতি দুখ পাইছিলো , যিটো আজিও মই উপলব্ধি কৰোঁ।



দিন ২ : ভাৰতৰ  পূৰ্বৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালাম মোৰ প্ৰিয় ব্যক্তি । এদিন জানিবলৈ পাৰিছিলো তেওঁ গীতা আৰু কোৰান সদাই পঢ়িছিল । মোৰ মনতো জানিবলৈ হেপাহ হৈছিল যে গীতা খনত নো কি আছে। কিছু দিনৰ পিছত ৰাজ্যসভা চেনেলৰ এটা প্ৰদৰ্শণত মই গীতাৰ বিষয়ে শুনিছিলো। সেই দিনাই মোৰো জানিব মন হৈছিল যে কৃষ্ণই অৰ্জুনক কি কৈছিল । এনেকৈ এদিন দেউতাৰ অনুমতি লৈ পঢ়িব বহিলো । পুথিখন ৰ আৰম্ভণি আৰু এটা অধ্যায় , মাহাত্ম্যৰ সৈতে পঢ়ি যিমান সুখ পালোঁ সিমান সুখ মই কেতিয়াও  আগতে অনুভৱ কৰিব পৰা নাছিলোঁ। বাস্তৱ জীৱনৰ লগত সংগতি থকা এই পুথি খন । তেতিয়াৰ পৰা গীতা পাঠ হলে মই নুশুনি থাকিব নোৱাৰোঁ।


মোৰ জীৱনৰ স্মৰণীয় দিনৰ এই দুটা দিন সঁচাকৈয়ে সদায় স্মৰণীয় হৈ ৰ'ব।




Post a Comment

0 Comments