অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ

             ইতিহাস 


অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ



১) কেতিয়া ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্রতিষ্ঠিত হৈছিল?

উত্তৰ: ঊনবিংশ শতিকাৰ ত্ৰিছ আৰু চল্লিছৰ দশকত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক শক্তিশালী শাসকৰ ৰূপত প্রতিষ্ঠিত হৈছিল। 


২) মহাজন শ্ৰেণীটো কোন আছিল? 

উত্তৰ: মহাজন শ্ৰেণীটো আছিল বহিৰাগত বেপাৰী, মাৰোৱাৰী, আৰু বাঙালী মহাজন।


৩) আনন্দৰাম ঢেকিয়াল ফুকনে কেতিয়া মফট মিলছ চাহাবক আৰ্জি দিছিল?

উত্তৰ: ১৮৫৩ চনত।


৪) কেতিয়া কলেৰা মহামাৰীয়ে অসমত ভয়াবহ ৰূপ ধাৰণ কৰিছিল?

উত্তৰ: ১৮৩৯, ১৮৪৭ আৰু ১৮৫২ চনত ।


৫) কিমান চনত অসমত ইংৰাজে দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল?

উত্তৰ: ১৮৪৩ চনত ।


৬) ১৮৫৭ - ৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

উত্তৰ: ১৮৫৭ - ৫৮ চনৰ বিদ্ৰোহৰ কাৰণসমূহ হৈছে - 

ক) ব্ৰিটিছ চৰকাৰে নতুন ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰি কৰ - কাটল সংগ্ৰহত অধিক গুৰুত্ব দিছিল। কিন্তু দৰিদ্ৰ প্ৰজা তথা কৃষকৰ দুখ - দুৰ্দশা মোচন কৰাৰ ক্ষেত্ৰত চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।


ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্রা অর্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্রা অর্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু অসমীয়া প্ৰজাই এই সুদখোৰ মহাজন শ্ৰেণীৰপৰা টকা ধাৰলৈ লৈ হ'লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। এই মহাজন শ্ৰেণীটো আছিল বহিৰাগত বেপাৰী, মাৰোৱাৰী (কেঞা) আৰু বাঙালী মহাজন। সেই সময়ত অসমৰ গাঁওসমূহ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেচি ধন ঘটাৰ সুবিধা একেবাৰেই নাছিল। তদুপৰি বজাৰ-সমাৰৰ সীমাবদ্ধতাই অসমীয়া প্ৰজাক জুৰুলা কৰি তুলিছিল।



খ) অসমত ব্ৰিটিছ শাসনৰ পূৰ্বৱৰ্তী অৱস্থাত মুদ্রাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল। কিন্তু ইংৰাজে প্ৰৱৰ্তন কৰা টকাৰ  মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য  কৰ-কাটল সংগ্ৰহৰ ব্যৱস্থাই অসমীয়া প্ৰজাৰ   অৱস্থা শোচনীয় কৰি তুলিছিল।  ব্ৰিটিছ চৰকাৰৰ শোষণ দিনক দিনে বৃদ্ধি পাই আহিছিল , যাৰ ফলত অসমৰ লোকসকল অতিষ্ঠ হৈছিল ।


গ)  ব্ৰিটিছ চৰকাৰে কৃষি কাৰ্য উন্নয়নৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অসমত বতৰ প্ৰতিকূল হ'লেই খাদ্য শস্য উৎপাদনত বিঘিনি ঘটিছিল আৰু অৱধাৰিতভাৱেই অসমীয়া প্রজাগণ দুর্ভিক্ষৰ কবলত পৰিছিল। 

 ইয়াৰ প্ৰমাণ হিচাপে উল্লেখ কৰিব পাৰি যে   আনন্দৰাম ঢেকীয়াল ফুকনে মফট মিলছক দিয়া আর্জিত উল্লেখ কৰিছিল যে ১৮৫১ চনত কামৰূপ আৰু দৰঙৰ কোনো অঞ্চলত এনে অৱস্থাৰ সৃষ্টি হৈছিল যে মাক-দেউতাকে পৰিয়ালৰ মূল্যৱান গহনা-গাঠৰিৰ উপৰি নিজৰ ল'ৰা-ছোৱালীকো কেইমুঠিমান চাউলৰ বাবে বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। ইফালে কলেৰা আৰু বসন্তই উজনি অসমত মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল। ১৮৩৯, ১৮৪৭ আৰু ১৮৫২ চনত এই মহামাৰীয়ে অসমৰ ভালেমান গাঁও উছন কৰিছিল।


ঘ)  ইংৰাজে ঊনবিংশ শতিকাৰ আগভাগতে উজনি অসমত চাহ বাগিচা স্থাপন কৰিছিল। চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহ বাগিচাৰ অন্তৰ্গত ভূমিৰ ৰাজহ ৰেহাই দিছিল। ফলস্বৰূপে ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল।


ঙ) ইংৰাজৰ ৰাজহ ব্যৱস্থাত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলনৰ উপৰি আন আন কিছুমান কাৰকে অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰেই অসমতো ব্ৰিটিছ শাসনে কুটীৰ শিল্পৰ অৱনতিত অৰিহণা যোগাইছিল। আহোম ৰাজত্বৰ দিনৰপৰাই অসমৰ পাট-মুগাৰ ভাৰতবৰ্ষত এক বিশেষ বজাৰ আছিল। কিন্তু ব্ৰিটিছ শাসনে বিলাতী বস্ত্ৰৰ আমদানিত পৃষ্ঠপোষকতা কৰাত অসমীয়া এই কুটীৰ শিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছিল।


চ)  সাধাৰণ শ্ৰেণীৰ মানুহৰ জটিল অৱস্থাৰ বিপৰীতে অভিজাত শ্ৰেণীৰ লোকসকলৰো যে ব্ৰিটিছৰ অধীনত অৱস্থা ভাল আছিল সেইটো ক'ব নোৱাৰি। আহোম সামন্তীয় শ্ৰেণীটোৰ কিছুসংখ্যক লোক আৰম্ভণিৰেপৰা ব্ৰিটিছ শাসনৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিছিল যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱা বাবে গৰিষ্ঠসংখ্যকেই নতুন প্ৰশাসনত অংশ ল’বলৈ সক্ষম হোৱা নাছিল। 

আনহাতে, ইংৰাজ শাসকেও স্থাপন চলাবলৈ বংগদেশৰপৰা বাঙালী শিক্ষিত লোকক আমদানি কৰিবলৈ বাধ্য হৈছিল। ফলস্বৰূপে অসমৰ আহোম শাসনৰ দিনৰ ডা-ডাঙৰীয়াসকলে দ্রুত হাৰত কর্মসংস্থান হেৰুৱাবলৈ আৰম্ভ কৰিছিল। ইফালে প্রশাসনত নতুনকৈ নিয়োজিত বাঙালী বাবুসকলে ক্রমান্বয়ে অসমৰ প্ৰশাসনিক জীৱনত প্রভুত্ব বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছিল।


ছ) অসমীয়া অভিজাত শ্ৰেণীৰ যিসকল লোকে আহোম ৰাজত্বত ফুকন, বৰুৱা, ৰাজখোৱা আদি বিষয়বাব পাইছিল, তেওঁলোকক ইংৰাজৰ দিনত কিছুসংখ্যকক মৌজাদাৰৰ বাব দি ৰাজহ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল যদিও বহুতো অঞ্চলত অসমৰ বাহিৰৰপৰা বিশেষকৈ বংগদেশৰ শ্রীহট্ট আৰু পশ্চিম ভাৰতৰ মাৰোৱাৰ আদি অঞ্চলৰপৰা বাঙালী  আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোকক আনি দায়িত্ব অর্পণ কৰিছিল। এই কার্যই অসমীয়া অভিজাত শ্ৰেণীটোক বঞ্চিত কৰাৰ লগতে বিদেশীৰ অধীনত ৰায়ত হ'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল বুলি অভিযোগ উঠিছিল।


জ) ইয়াৰ উপৰিও আহোম ৰাজত্ব কালত অসমৰ অভিজাত শ্ৰেণীটোৱে লগুৱা-লিকছৌ, বান্দী-বেটী আদিৰ সেৱা-শুশ্রূষাৰে এক বিলাসী তথা আৰামৰ জীৱন যাপন কৰিছিল । কিন্তু ১৮৪৩ চনত অসমত ইংৰাজে দাস প্রথাৰ বিলুপ্তি ঘটোৱাত ব্ৰাহ্মণ, পুৰোহিত অন্যান্য অভিজাত শ্ৰেণীৰ ব্যক্তিসকলে তেওঁলোকৰ খাট-পাম তথা কৃষিকৰ্মত শাৰীৰিক শ্রম কৰা মানুহৰ অভাৱ অনুভৱ কৰিবলৈ লৈছিল। এই শ্ৰেণীটোৱে স্বাভাৱিকতেই সামাজিক মর্যাদা আৰু প্ৰতিপত্তি হেৰুৱাই নতুন শাসন ব্যৱস্থাৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছিল। তেওঁলোকে নিজৰ কৃষিকৰ্ম বা অন্যান্য কার্যত পূৰ্বৰ লগুৱা লিকছৌৰ দৰেই কায়িক শ্রম কৰিবলগীয়া হোৱাত অপমানিত অনুভৱ কৰিছিল।


ঝ)  ইংৰাজ চৰকাৰৰ দাসত্ব প্রথা নিষিদ্ধকৰণে যে আহোম ৰাজত্বৰ লগুৱালিকচৌৰ অৱস্থা উন্নত কৰিছিল যে তাকো ক’ব পৰা নাযায়। ব্ৰিটিছে অসমত নতুনকৈ খোলা চাহ বাগিচাসমূহত বনুৱাৰ যোগান ধৰিবলৈহে অভিজাত শ্ৰেণীৰ কবলৰপৰা এই শ্ৰেণীটোক মুক্ত কৰিছিল। তেওঁলোকৰ উন্নয়নৰ বাবে কোনো তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নাছিল। গতিকে এই শ্রেণীটোও ইংৰাজ শাসনৰ প্ৰতি সন্তুষ্ট আছিল বুলি ক’ব নোৱাৰি।


ঞ) ইতিহাসবিদ হেৰম্বকান্ত বৰপূজাৰীয়ে উল্লেখ কৰিছে যে উজনি অসমৰ ভালেমান ব্ৰাহ্মণ পুৰোহিতে ১৮৫৭ চনৰ বিদ্ৰোহত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰিছিল, যিহেতু তেওঁলোকৰ হাতৰপৰা ব্ৰিটিছ চৰকাৰে পূৰ্বৰেপৰা ভোগ-দখল কৰি অহা লাখেৰাজ তথা নিস্কৰ ভূমিসমূহৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল আৰু বাকীখিনিৰ ওপৰত খাজনা বহুৱাইছিল। স্বাভাৱিকতে এই শ্রেণীৰ লোকসকলো ইংৰাজ শাসনৰ বিৰোধী হৈ পৰিছিল।


উপৰিউক্ত আলোচনাৰপৰা ক’ব পৰা যায় যে ১৮৫৭ খ্রীষ্টাব্দৰ পূৰ্বৰ প্ৰায় তিনি দশকজোৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনে জনসাধাৰণৰ কোনো শ্রেণীকে সন্তুষ্ট কৰিব পৰা নাছিল।যাৰ ফলস্বৰুপে ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ আৰম্ভণি ঘটিছিল।



৭)  বশ্যতামূলক মিত্রতা নীতিটো কাৰ আছিল?


উত্তৰ:লর্ড ওৱেলেচলিৰ ।


৮) স্বত্ববিলোপ নীতিটো কাৰ আছিল?


উত্তৰ: লর্ড ডেলহাউচীৰ ।


৯) কেতিয়া প্ৰথমে চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল?


উত্তৰ: ১৮৫৭ চনৰ ১০ মে’ তাৰিখে।


১০) অসমত থকা ইংৰাজ সৈন্যৰ ৰেজিমেন্ট দুটাৰ নাম লিখা ।


উত্তৰ: ১)ডিব্ৰুগড়ৰৰ প্ৰথম আসাম লাইট ইনফেণ্ট্ৰী আৰু

          ২) গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেণ্ট্ৰী।


 

১১) অসমত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা।


উত্তৰ: আধুনিক ভাৰত বুৰঞ্জীত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ এক উল্লেখনীয় ঘটনা। এই বিদ্ৰোহ ১৮৫৭ চনৰ ১০ মে' তাৰিখে মিৰাটত আৰম্ভ হৈছিল।


ইতিমধ্যে ব্ৰিটিছ শাসন-শোষণৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণো জাগ্ৰত হৈ উঠিছিল। ১৮৫৭ চনৰ বিদ্রোহে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্রদান কৰিছিল। সেয়েহে ১৮৫৭ চনৰ বিদ্রোহে অসমতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ব্রহ্মপুত্র উপত্যকাত কিছুসংখ্যক লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্টি বিয়পাই অসমতো চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই তেওঁলোকৰ সহায়ত ইংৰাজক খেদি আহোম ৰাজপৰিয়ালৰ এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। বৰাক উপত্যকাতো চিতাগঞ্জৰপৰা অহা চিপাহীসকলে বিদ্ৰোহৰ সূচনা কৰিছিল।


উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল অসমত তেতিয়া ইংৰাজ সৈন্যৰ দুটা ৰেজিমেণ্ট আছিল— ডিব্ৰুগড়ৰৰ প্ৰথম আসাম লাইট ইনফেণ্টী আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেণ্ট্ৰী। যদিও প্রথম অৱস্থাত এই দুয়োটা ৰেজিমেণ্টৰ সৈন্যসকল নির্বিকাৰ আছিল, বিহাৰত চিপাহী বিদ্ৰোহৰ খবৰ পাই অসমতো ডিব্ৰুগড়-গুৱাহাটীৰ ৰেজিমেণ্টৰ লগতে শিৱসাগৰ আৰু চৈখোৱাত থকা ছাউনিৰ সৈন্যৰ মাজতো কিছু অসন্তুষ্টি বিয়পি পৰা দেখা গৈছিল।


১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত অসমত মণিৰাম দেৱানৰ লগতে অন্যান্য বহুতো লোকে নেতৃত্ব আগবঢ়াইছিল। তেওঁলোকে অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰোৱাৰ লগতে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল।



১২) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ: ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে  অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰোৱাৰ লগতে প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক সিংহাসনত প্ৰতিষ্ঠা কৰি আহোম ৰাজতন্ত্ৰৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। এই সমগ্ৰ পৰিকল্পনাৰ মূলতে আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা, যি মণিৰাম দেৱান নামেৰে জনপ্রিয় আছিল। যেতিয়া মিৰাটত প্ৰথমবাৰৰ বাবে ভাৰতীয় সৈন্যই বিদ্রোহ ঘোষণা কৰিছিল, মণিৰাম দেৱানে কলিকতাত বাহৰ পাতি আছিল। এজন আহোম ৰাজকোঁৱৰৰ হাতত শাসনভাৰ প্ৰদান কৰি উজনি অসমৰ কিছু অংশত আহোম ৰাজতন্ত্র প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে তেওঁ কলিকতালৈ ব্ৰিটিছ চৰকাৰক এখন আৰ্জি পেচ কৰিবলৈ গৈছিল।


কলিকতাত মণিৰাম দেৱানে মধুমল্লিক নামৰ এজন বাঙালী মুক্তিয়াৰৰ লগ লাগি অসমৰপৰা ইংৰাজক খেদোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলী, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদি অসমৰ অভিজাত শ্ৰেণীৰ কিছু লোকে মণিৰাম দেৱানৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল । এইটো ঠিক হৈছিল যে আহোম কোঁৱৰ কন্দর্পেশ্বৰ সিংহৰ অধীনত অসমৰ চিপাহীসকলে বিদ্রোহ কৰিব আৰু মণিৰাম দেৱানে অস্ত্র-শস্ত্ৰসহ কলিকতাৰপৰা আহি সহায়ৰ হাত আগবঢ়াব।


ইংৰাজ চৰকাৰে এই ষড়যন্ত্ৰৰ উমান ১৮৫৭ চনৰ আগষ্ট মাহৰ মাজভাগতে পাইছিল। সেই অনুযায়ী বিদ্রোহীসকলক দমন কৰিবলৈ প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছিল। চীফ কমিছনাৰ জেন্‌কিনচে পৰিস্থিতিৰ গুৰুত্ব বুজি বংগদেশৰপৰা প্ৰশিক্ষিত ইউৰোপীয়ান সৈন্যৰ এক ফৌজ পঠিয়াবলৈ চৰকাৰলৈ অনুৰোধ কৰিছিল। 


১৮৫৭ চনৰ ছেপ্টেম্বৰ মাহৰ আগভাগত শিৱসাগৰৰ প্রিন্সিপাল এছিছটেণ্ট কেপ্টেইন হলৰইডে (Holroyd) মণিৰাম দেৱানে লিখা বহুকেইখন চিঠি ধৰা পেলাবলৈ সক্ষম হয়, য'ত ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ উল্লেখ আছিল। কেপ্টেইন হলৰইডৰ আহ্বানত কেপ্টেইন লউডাৰ (Louther) এটি ব্ৰিটিছ ফৌজৰ সৈতে যোৰহাটত উপস্থিত হয় আৰু ছেপ্টেম্বৰৰ ৭ তাৰিখে কন্দপেশ্বৰ সিংহক আটক কৰে। আহোম ৰাজকোঁৱৰক কলিকতালৈ পঠিয়াই আলিপুৰ জেইলত বন্দী কৰি ৰখা হয়।


কন্দৰ্পেশ্বৰ  সিংহৰ গ্ৰেপ্তাৰৰ পিছতেই কলিকতাত মণিৰাম দেৱানক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱান ব্ৰিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ মূল নায়ক আছিল। তেওঁক আলিপুৰ জেইলত প্ৰায় আঢ়ৈ মাহ  ৰখা হয় আৰু ডিচেম্বৰ মাহত যোৰহাটলৈ প্ৰেৰণ কৰা হয়।


কেপ্টেইন হলৰইডে বিশেষভাৱে গঠিত বিচাৰপীঠৰ দ্বাৰা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বাবে দোষী সাব্যস্ত কৰে আৰু ফাঁচীৰ হুকুম জাৰি কৰে। সেই অনুযায়ী ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত দুয়োজনকে ৰাজহুৱাকৈ ফাঁচী দিয়া হয়। মধু মল্লিক, কমলা বৰুৱা, দুতিৰাম বৰুৱা, মায়াৰাম নাজিৰ আদিক ষড়যন্ত্ৰত অংশগ্ৰহণ কৰা বাবে যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। বাহাদুৰ গাঁওবুঢ়া আৰু শ্বেখ ফর্মুদ আলীক আন্দামানলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকৰ সকলো সা-সম্পত্তি বাজেয়াপ্ত কৰা হয়।


যিসকল চিপাহীয়ে এই বিদ্রোহত অংশগ্রহণ কৰিছিল, তেওঁলোককো শাস্তি প্রদান কৰা হৈছিল। উদাহৰণস্বৰূপে ডিব্ৰুগড় ৰেজিমেণ্টৰ কিছু চিপাহীক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে গোলাঘাটৰ কিছুসংখ্যক চিপাহীক তেওঁলোকৰ দায়িত্বৰপৰা অব্যাহতি দিয়া হয়। 


আহোম কোঁৱৰ কন্দৰ্পেশ্বৰ সিংহ যিহেতু নাবালক আছিল, তেওঁক বর্ধমানত বিশেষ জেইলত ১৮৬০ চনৰ ডিচেম্বৰ মাহলৈকে ৰখা হয়, পিছত তেওঁক গুৱাহাটীলৈ আহিবলৈ অনুমতি দিয়া হয়। তেওঁ গুৱাহাটীতে বসতি কৰিবলৈ লয়। যোৰহাটলৈ ঘূৰি যোৱাৰ অনুমতি তেওঁক ব্ৰিটিছ চৰকাৰে নিদিলে। ১৮৬৩ চনৰপৰা কাৰ্যকৰী হোৱাকৈ তেওঁ ৫০০ টকাৰ পেঞ্চন লাভ কৰে।


মহাৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰৰ পিছত (১৮৫৮ চনৰ) দুতিৰাম বৰুৱা, শ্বেখ ফর্মুদ আলী, বাহাদুৰ গাঁওবুঢ়া আদি বিদ্ৰোহৰ সহযোগীসকলক আন্দামানৰপৰা অসমলৈ আহিবলৈ অনুমতি দিয়া হয়।


এইদৰেই ব্ৰিটিছক ওফৰাই আহোম ৰাজতন্ত্রক পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে ১৮৫৭ চনত মণিৰাম দেৱানে কৰা চেষ্টাৰ বিফল পৰিণতি ঘটে।


১৩) মণিৰাম দেৱানৰ বিষয়ে চমুকৈ লিখা।


উত্তৰ: মণিৰাম বৰুৱাৰ প্ৰকৃত নাম মণিৰাম বৰভাণ্ডাৰ বৰুৱা। তেখেতে মানসকলৰ  দ্বাৰা হোৱা আক্ৰমণত অসমীয়া জনগণে সন্মুখীন হোৱা দুৰ্গতি, অসম দেশ কেনেকৈ ব্ৰিটিছৰ অধীনলৈ গৈছিল এই সকলোবোৰ ঘটনাৰে প্ৰত্যক্ষদৰ্শী আছিল। আৰম্ভণিতে মণিৰাম দেৱান ইংৰাজ শাসনৰ বিৰোধী নাছিল । বৰং ১৮২৮ চনত ব্ৰিটিছে তেখেতক চিৰস্তাদাৰ (ৰাজহৰ হিচাপ ৰক্ষক) হিচাপে যোৰহাটত নিযুক্তি দিয়ে। এই পদবীত থাকোতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ সাধন কৰি নিজৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। পুৰন্দৰ সিংহক যেতিয়া উজনি অসমত ব্ৰিটিছ চৰকাৰে পুনৰ প্ৰতিষ্ঠা কৰিছিল, মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। অজ্ঞাত কাৰণত মণিৰাম দেৱানে এই পদবীৰপৰা ইস্তফা দি অসম টি কোম্পানীত (ব্ৰিটিছ মালিকানাধীন, ১৮৩৯ চনত প্রতিষ্ঠিত) যোগদান কৰে। ১৮৪৪ চনত তেওঁ এই পদবীৰপৰাও ইস্তফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্ৰিটিছ চৰকাৰৰপৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট হৈ পৰে। তদুপৰি শিৱসাগৰ জিলাৰ মুখ্য বিষয়া হিচাপে ১৮৫১ চনত যোগদান কৰা কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্রমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰপৰা বঞ্চিত কৰিছিল। যদিও মণিৰাম দেৱানৰ কৰ্মজীৱন ব্ৰিটিছ চৰকাৰৰ অধীনত কৰ্তৃত্বশীল বিষয়া হিচাপে আৰম্ভ হৈছিল, কিন্তু পিছলৈ একে চৰকাৰৰ অধীনতে পদবীবিহীন, ধন, মান-সন্মানবিহীন এক সাধাৰণ প্ৰজালৈ অৱনতি ঘটিছিল। 


মণিৰাম দেৱান এটা ক্ষেত্ৰত সিদ্ধান্তলৈ আহিছিল যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি কোনোমতেই সম্ভৱ নহয়। গতিকে আহোম ৰাজতন্ত্র পুনৰ প্ৰতিষ্ঠা কৰিলেহে যে নিজৰ অৱস্থাৰ উন্নতি হ’ব সেইটো পতিয়ন গৈছিল। আহোম ৰাজকোঁৱৰ কামেশ্বৰ সিংহৰ লগতে মণিৰাম দেৱানেও ব্ৰিটিছ চৰকাৰৰপৰা ১০০০ টকাৰ পেঞ্চন ল’বলৈ অমান্তি হৈছিল। ১৮৫১ চনত কামেশ্বৰ সিংহৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ কন্দপেশ্বৰ সিংহক ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰিবলৈ মণিৰাম দেৱানে উৎসাহিত কৰাৰ লগতে পূর্ণ সহযোগিতা আগবঢ়াইছিল।


১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট্ মিলচে অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে দুখন আৰ্জি পেচ কৰিছিল। এখনত তেখেতে ব্ৰিটিছ কোম্পানীলৈ তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্রতিবেদন দি চৰকাৰে যাতে সেৱাৰ কিছু ফল তেখেতক দিয়ে তাৰ অনুৰোধ কৰিছিল। আনখন আৰ্জিত আহোম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহক পুনৰ আহোম ৰাজ সিংহাসনত বহুৱাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ-দুর্দশাৰ বিষয়ে অৱগত কৰিছিল। এই আবেদনত তেওঁ ইংৰাজ শাসনৰ অধীনত অসমৰ ৰাইজে ভোগ কৰা কিছুমান ভাল ফল যেনে— আহোম শাসনত প্রচলিত নাক-কাণ কটা আদি শাস্তিৰ অৱসানৰ কথা উল্লেখ কৰিছিল যদিও কিছুমান ইংৰাজ শাসনৰ ফলত হোৱা বেয়া কাম যেনে অনুপযুক্ত ব্যক্তিক পেন্সন প্রদান, উচ্চ-অভিজাত বিষয়াক সা-সুবিধাৰপৰা বঞ্চিত কৰি সাধাৰণ প্ৰজাৰ শাৰীলৈ অৱনমিতকৰণ আদি উল্লেখ কৰিছিল। 


মিলে তেখেতৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত ইংৰাজ চৰকাৰৰ বিভিন্ন দিশ সমালোচনা কৰিছিল যদিও মণিৰাম দেৱানৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল। বৰঞ্চ মণিৰাম দেৱানক এজন চক্রান্তকাৰী হিচাপেহে অভিহিত কৰিছিল।


মিলৰ প্রতিবেদনে মণিৰাম দেৱানৰ আশা ধুলিসাৎ কৰিছিল আৰু তেওঁ ইংৰাজৰ সম্পূৰ্ণ বিৰোধী হৈ পৰিছিল। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়েহে ব্ৰিটিছৰ বিৰুদ্ধে সন্মুখ-সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু ব্ৰিটিছ চৰকাৰক কন্দৰ্পেশ্বৰ সিংহক অসমৰ সিংহাসনত প্ৰতিষ্ঠা কৰিবলৈ আবেদন কৰিবলৈ স্থিৰ কৰিছিল। কিন্তু তেওঁ বংগদেশৰ লেফটেনেণ্ট গৱৰ্ণৰক সাক্ষাৎ কৰাৰ কোনো সুযোগেই লাভ নকৰিলে।


সেই সময়তে তেওঁ উত্তৰ ভাৰতত ব্ৰিটিছ ফৌজত থকা ভাৰতীয় সৈন্যই আৰম্ভ কৰা বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্রোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ সপোন দেখিছিল। তেওঁ কলিকতাৰপৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। সেই পত্ৰসমূহত তেওঁ ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল। দুর্গা পূজাৰ সময়ত মণিৰাম দেৱানে অস্ত্র-শস্ত্ৰ সহিতে উজনি অসমলৈ আহি বিদ্রোহত যোগ দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু দুর্ভাগ্যক্রমে এই সকলো গোপন ষড়যন্ত্র উল্লেখ থকা পত্ৰ কেইবাখনো শিৱসাগৰ জিলাৰ বিষয়া কেপ্টেইন হলৰইডে ধৰা পেলাবলৈ সক্ষম হয় আৰু মণিৰাম দেৱানক লগে লগে কলিকতাত গ্ৰেপ্তাৰ কৰা হয়। যোৰহাট আৰু শিৱসাগৰত তেওঁক সহযোগ কৰা পিয়লি বৰুৱা, কন্দৰ্পেশ্বৰ সিংহকে আদি কৰি অন্যান্যক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট কাৰাগাৰত ৰখা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচীকাঠত ওলমায়। .


১৩) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ অভিজাত শ্ৰেণীৰ লোকসকলে ব্ৰিটিছ শাসন ওফৰাই কাক ৰজা পাতিব বিচাৰিছিল?


উত্তৰ: পুৰন্দৰ সিংহৰ নাতি কন্দৰ্পেশ্বৰ সিংহক ।


১৪ ) কলিকতাত মণিৰাম দেৱানে লগ পোৱা বাঙালী মুক্তিয়াৰজনৰ নাম কি আছিল?


উত্তৰ: মধুমল্লিক।


১৫) কোনে মণিৰাম দেৱানে লিখা চিঠি ধৰা পেলাইছিল?


উত্তৰ: কেপ্টেইন হলৰইডে, ১৮৫৭ চনত।


১৬) কোনে কন্দৰ্পেশ্বৰ সিংহক আটক কৰিছিল?


উত্তৰ: কেপ্টেইন লউডাৰে , ১৮৫৭ চনত ৭ ছেপ্টেম্বৰ তাৰিখে।


১৭) ব্ৰিটিছে মণিৰাম দেৱানক কেতিয়া চিৰাস্তাদাৰ হিচাপে নিযুক্ত কৰিছিল?


উত্তৰ: ১৮২৮ চনত , যোৰহাটত ।


১৮) কেতিয়া কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্রমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰপৰা বঞ্চিত কৰিছিল ?


উত্তৰ: ১৮৫১ চনত ।


১৯) কামেশ্বৰ সিংহৰ কেতিয়া মৃত্যু হৈছিল?


উত্তৰ: ১৮৫১ চনত ।


২০) কেতিয়া কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট্ মিলচে অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল?


উত্তৰ: ১৮৫৩ চনত ।


২১) মণিৰাম দেৱানৰ আৰ্জি দুখনত কি কি কথা উল্লেখ আছিল?


উত্তৰ:মণিৰাম দেৱানে মফট্ মিলচক দুখন আৰ্জি প্ৰদান কৰিছিল ।

 এখনত তেখেতে ব্ৰিটিছ কোম্পানীলৈ তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্রতিবেদন দি চৰকাৰে যাতে সেৱাৰ কিছু ফল তেখেতক দিয়ে তাৰ অনুৰোধ কৰিছিল। 

আকৌ,   আনখন আৰ্জিত আহোম ৰাজকোঁৱৰ কন্দপেশ্বৰ সিংহক পুনৰ আহোম ৰাজ সিংহাসনত বহুৱাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ-দুর্দশাৰ বিষয়ে অৱগত কৰিছিল। এই আবেদনত তেওঁ ইংৰাজ শাসনৰ অধীনত অসমৰ ৰাইজে ভোগ কৰা কিছুমান ভাল ফল যেনে— আহোম শাসনত প্রচলিত নাক-কাণ কটা আদি শাস্তিৰ অৱসানৰ কথা উল্লেখ কৰিছিল যদিও কিছুমান ইংৰাজ শাসনৰ ফলত হোৱা বেয়া কাম যেনে অনুপযুক্ত ব্যক্তিক পেন্সন প্রদান, উচ্চ-অভিজাত বিষয়াক সা-সুবিধাৰপৰা বঞ্চিত কৰি সাধাৰণ প্ৰজাৰ শাৰীলৈ অৱনমিতকৰণ আদি উল্লেখ কৰিছিল। 



২২) কিমান চনত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচীকাঠত ওলমায়?


উত্তৰ: ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত।


২৩) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ লিখা ।


উত্তৰ: অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ তলত উল্লেখ কৰা হৈছে - 

ক) প্ৰথমতে অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত বিশেষ সমর্থন লাভ কৰা নাছিল।

খ) দ্বিতীয়তে বিদ্রোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্রস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল। যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্রস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল৷

গ) তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্রোহস্থলীৰপৰা বহু যোজন দূৰৈত অৱস্থান কৰিছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত কলিকতা অসমৰপৰা বহু দূৰৈত আছিল আৰু তাৰপৰা চিঠি-পত্ৰৰ যোগেদি বা আদেশ পঠিয়াই বিদ্ৰোহ পৰিচালিত কৰাটো বাস্তৱসন্মত নাছিল। মণিৰাম দেৱান যিমান সোনকালে পাৰে কলিকতাৰপৰা উভতি আহিব লাগিছিল। প্রশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্ৰয়োজনীয় দক্ষতা দেৱানৰ নাছিল। বিদ্ৰোহৰ নেতৃত্ব দিয়াজনে প্রতিপক্ষক দুৰ্বল বুলি অৱজ্ঞা কৰা বা ক্ষমতা তথা বুদ্ধিমত্তাক হেয়জ্ঞান কৰিলে কি পৰিণাম হয় মণিৰাম দেৱান তাৰ এটি উৎকৃষ্ট নিদর্শন আছিল।

ঘ) চতুৰ্থতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ মণিৰাম দেৱান তথা তেখেতৰ সহযোগীসকলে কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। নগাঁও আৰু গুৱাহাটীত অসমৰ নতুন মধ্যবিত্ত শ্রেণীৰ লোকসকল বিদ্রোহৰ প্ৰতি অলপো সহানুভূতিশীল নাছিল। সেই সময়ত নতুনকৈ বিকশিত হৈ উঠা মধ্যবিত্ত অসমীয়া বুদ্ধিজীৱী শ্ৰেণীৰ লোকসকলে বাঙালী মধ্যবিত্ত শ্রেণীৰ জীৱনধাৰাৰ প্ৰতিহে বেছি আকৰ্ষিত হৈছিল। পুৰণি আহোম ৰাজতান্ত্রিক শাসন ব্যৱস্থাৰ অধীনলৈ পুনৰাই উভতি যোৱাৰ কোনো ইচ্ছা তেওঁলোকৰ নাছিল। গতিকে ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ এই শ্ৰেণীৰ লোকে কোনো সমর্থন বা সহানুভূতি প্ৰদৰ্শন কৰা নাছিল। ফলত অসমত বিদ্ৰোহৰ বুৰবুৰণিহে হৈছিল, বিস্ফোৰণ ঘটিবলৈ পোৱা নাছিল।

ঙ) পঞ্চমতে, অসমৰ বিদ্রোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ফলস্বৰূপে সমগ্ৰ পৰিকল্পনা ব্ৰিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্ৰোহ নির্মূল কৰাত চৰকাৰ সফল হৈছিল।

চ) ষষ্ঠতে, অসমৰ বিদ্ৰোহীসকলে প্রয়োজন অনুযায়ী অস্ত্র-শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে যদিও অস্ত্ৰৰ যোগান দিয়াৰ কথা আছিল, কিন্তু তাৰ আগতেই তেওঁ ধৰা পৰিছিল।

ছ) শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্রান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্রোহত অংশ লোৱা নাছিল। অসমৰ বিদ্রোহীসকলে মিৰাট, দিল্লী, লক্ষ্ণৌ আদিৰ দৰে চিপাহীসকলৰ সমৰ্থন আদায় কৰিব পৰা নাছিল।

এই সকলোবিলাক কাৰণতে অসমত ১৮৫৭ চনৰ বিদ্রোহে বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল। যি অলপমান হৈছিল ব্ৰিটিছ চৰকাৰে সম্পূৰ্ণৰূপে নির্মূল কৰিবলৈ সক্ষম হৈছিল।


২৪) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে লিখা ।


উত্তৰ: অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে উল্লেখনীয়। যেনে - 

১) ১৮৫৭ চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত হৈছিল।

 ২)১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰদ্বাৰা কিছু পৰিমাণে অনুপ্রাণিত হৈছিল।

৩)  অসমতো হিন্দু আৰু মুছলমান এই দুটা প্রধান সম্প্রদায়ে একগোট হৈ বিদ্রোহত অংশগ্রহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল। 

৪) ১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্রামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্রাণিত হৈছিল।



Post a Comment

0 Comments