ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

 

ইতিহাস 


চতুৰ্থ অধ্যায়



 ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ 




১) প্ৰথম ইংগ - ব্ৰহ্মী  যুদ্ধ কেতিয়া হৈছিল?


উত্তৰ: ১৮২৫ চনত ।



২) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?


উত্তৰ: ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।


৩) কোনটো সময়ছোৱাক কোম্পানীৰ দিন বা কোম্পানীৰ আমোল বুলি কোৱা হয়?


উত্তৰ: ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ ।



৪) কাৰ উদ্যোগত জ্ঞান প্ৰদায়িনী সভাৰ প্ৰতিষ্ঠা হৈছিল?


উত্তৰ: আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত , ১৮৫৭ চনত ।



৫) কিমান চনত  অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল?


উত্তৰ: ১৮৩৭ চনত ।


৬) কিমান চনত অসমীয়া ভাষাক স্কুল , অফিচ - কাছাৰীত মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল?


উত্তৰ: ১৮৭৩  চনত ।


৭) কাৰ নেতৃত্বত অসমীয়া লিটাৰেৰী  ছ'চাইটি গঠন কৰা হৈছিল?


উত্তৰ: দেৱীচৰণ বৰুৱা আৰু গুণগোবিন্দ ফুকনৰ নেতৃত্বত।


৮) কিমান চনত অসমীয়া লিটাৰেৰী  ছ'চাইটি গঠন কৰা হৈছিল?


উত্তৰ: ১৮৭২ চনত।


৯) অসমীয়া লিটাৰেৰী  ছ'চাইটিৰ প্ৰধান উদ্দেশ্য কি আছিল?


উত্তৰ: সাহিত্যচৰ্চা ।


১০ )  কিমান চনত অসমীয়া লিটাৰেৰী  ছ'চাইটিৰ  প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্ৰ বৰুৱাই উক্ত ছ'চাইটীৰ তৰফৰপৰা সেই সময়ৰ ভাইচৰয় লৰ্ড নর্থব্রুকক এখন স্মাৰক-পত্র দাখিল কৰিছিল?


উত্তৰ: ১৮৭২ চনত ।


১১) কিমান চনলৈকে অসমীয়া লিটাৰেৰী  ছ'চাইটি সক্ৰিয় হৈ আছিল?


উত্তৰ: ১৮৮৫ চনলৈকে ।



১২) অসমীয়া ভাষা উন্নতি সাধনী সভা সম্পৰ্কে চমুকৈ লিখা।


উত্তৰ: বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি সেই সময়ত কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্য উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা মর্মে মর্মে অনুভৱ কৰিছিল। সেই উদ্দেশ্যেৰে ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী (অঃ ভাঃ উঃ সাঃ) সভা গঠিত, হৈছিল। ইয়াৰ অন্তৰালত আছিল সেই সময়ৰ প্ৰসিদ্ধ ছাত্র হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতী। এই সভাই অমসীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল তদুপৰি, সভাই অসমৰ এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো অতি তৎপৰতাৰে হাতত লৈছিল। এই সভাৰ প্রচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কৃতি ‘হেমকোষ’ প্ৰকাশৰ কাম হাতত লৈছিল।


            অঃ ভাঃ উঃ সাঃ সভাই বুৰঞ্জী, সংস্কৃতি, সাহিত্য আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল আৰু ক্ৰমান্বয়ে অসমৰ ভিন্ন প্ৰান্তত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা চলাইছিল। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি ক’হিমা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, যোৰহাট, বৰপেটা, গোৱালপাৰা আৰু গুৱাহাটীত অঃ ভাঃ উঃ সাঃ সভাৰ শাখা গঠনৰ বাবে অগ্রণী ভূমিকা লৈছিল। উল্লেখযোগ্য যে এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী ‘জোনাকী’য়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল।



 ১৩) কেতিয়া অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম হৈছিল?


উত্তৰ: ১৮৮৮ চনত ।


১৪) হেমকোষ প্ৰণেতাজন কোন ?


উত্তৰ: হেমচন্দ্ৰ বৰুৱা।


১৫) জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল?


উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।


১৬) জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন আছিল?


উত্তৰ: হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা ক একেলগে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়।



১৭) ' মোৰ দেশ ' , ' অসম সংগীত ','  বীণ ব'ৰাগী ' আদি কাৰ ৰচনা ?


উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাৰ।


১৮) অসম ছাত্ৰ সন্মিলন সম্পৰ্কে চমুকৈ লিখা।


উত্তৰ: ১৯১৬ চনত অসম ছাত্র সম্মিলন গঠন হৈছিল । এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। ছাত্র সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদানপ্ৰদান কৰি এক সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্রথম অৱস্থাত ৰাজনৈতিক আলোচনা বা ৰাজনীতিত সক্রিয়ভাৱে জড়িত হোৱা নাছিল, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এই সন্মিলনৰ বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদসকলে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা,পদ্মনাথ গোহাঁই বৰুৱা, আচার্য প্রফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য। ছাত্র সন্মিলনৰ মুখপত্ৰ আছিল মিলন। এইদৰে ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতে সাম্প্রদায়িক সম্প্রীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল।




১৯) অসম ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ কি আছিল?


উত্তৰ: মিলন ।


২০) ৰায়ত সভা সম্পৰ্কে চমুকৈ লিখা।


উত্তৰ: ১৯ শতিকাৰ শেষৰফালে কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। 

তেজপুৰ ৰায়ত সভাৰ সংগঠনত আৰু তাৰ কাৰ্যসূচী ৰূপায়ণত বিশেষকৈ লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, লম্বোদৰ বৰা, ভৱানীচৰণ ভট্টাচাৰ্য আৰু অন্যান্য ভালেমান মধ্যবিত্ত শ্ৰেণীৰ লোকে মুখ্য ভূমিকা লৈছিল৷


ৰায়ত সভাই অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰিছিল। ৰায়ত সভাৰ উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূর্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। অৱশ্যে ১৮৬১-১৮৯৩ চনত চৰকাৰে অসমত ভূমি ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ ৰঙিয়া, লচিমা, সৰ্থেবাৰী আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তোলা বিদ্ৰোহত ৰায়ত সভাই উদ্যোগ লোৱা নাছিল।

১৯৩০-৩৪ চনৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্রাদেশিক কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধানত অসমত পুনৰ ৰায়ত সভা সক্ৰিয় হৈ পৰিছিল। এই সময়ছোৱাতে কংগ্ৰেছ নেতাসকলে কৃষকসকলক ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। নদুৱাৰ আৰু ছয়দুৱাৰ ৰায়ত সভা দুখন যথেষ্ট শক্তিশালী হৈ পৰিছিল। পিছলৈ শিৱসাগৰ আৰু দৰঙতো ৰায়ত সভাৰ সংগঠন গঢ়ি উঠিছিল। আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়ত সভাই ৫০ শতাংশ ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছিল ।


           ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্রীয় সমিতি— সদৌ অসম ৰায়ত সভা ১৯৩৩ চনত গঠন কৰা হয়। ইয়াৰ প্ৰথম অধিৱেশন যোৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্রিল তাৰিখে কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। ১৯৩৪ চনত দেৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয়খন অধিৱেশনত কমেও ৩০০০ কৃষকে অংশগ্রহণ কৰিছিল। এই অধিৱেশনৰ সভাপতি আছিল ডাঃ হৰেকৃষ্ণ দাস। ১৯৩৪-৩৯ চনৰ ভিতৰত অসমত প্ৰায় ৩০০খন ৰায়ত সভা আছিল। কংগ্ৰেছ মন্ত্রীসভা গঠন হোৱাত ১৯৩৯ চনৰপৰা ৰায়ত সভাসমূহৰ কাম-কাজ নোহোৱা হৈ আহিছিল আৰু বিভিন্ন অঞ্চলৰ কংগ্ৰেছ সমিতিসমূহে ৰায়ত সভাসমূহ সামৰি লৈছিল।



২১) ৰায়ত সভাৰ উদ্দেশ্য কি আছিল ?


উত্তৰ :ৰায়ত সভাৰ উদ্দেশ্য আছিল - 

ক) গ্রেজিং কৰ বন্ধ কৰা, 

খ) মাটিৰ খাজনা হ্রাস কৰা আৰু

 গ) পূর্ববংগৰপৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।



২২) সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল?


উত্তৰ: ১৯৩৩ চনত ।



২৩) আহোম সভা কেতিয়া গঠন হৈছিল?


উত্তৰ: ১৮৯৩ চনত।



২৪) আহোম সভাৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল?


উত্তৰ: ১৮৯৩ চনত ।


২৫) আহোম সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?


উত্তৰ: শিৱসাগৰ জিলাত ।


২৬) আহোম সভাৰ প্ৰথম সম্পাদক কোন আছিল?


উত্তৰ: পদ্মনাথ গোহাইবৰুৱা।


২৭) আহোম সভাৰ বিষয়ে চমুকৈ লিখা।


উত্তৰ: পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল। এই সভাৰ প্ৰথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। সংগঠিত হোৱাৰপৰা প্ৰায় ৪০ বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁইবৰুৱা। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল। কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কার্য আছিল। আহোম জনগোষ্ঠীৰ মাজৰপৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই অহোপুৰুষাৰ্থ কৰিছিল। 


১৯১০ চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েছন নামেৰে নামকৰণ কৰা হৈছিল। এই এছ'চিয়েছনৰে এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল ‘আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্রদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি (seperate electorate) গঠন কৰা। এই উদ্দেশ্যেৰে ১৯৩০ আৰু ৪০ৰ দশক দুটাত আহোম এছ’চিয়েছনে সক্রিয়ভাৱে দাবী উত্থাপন কৰিছিল। ১৯৪১ চনত আহোম এছ'চিয়েছনৰ ভিতৰচ'ৰাত বিভাজনে দেখা দিছিল। ইয়াৰ এচাম সদস্যই জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্রাণিত হৈ এছ'চিয়েছনৰপৰা ওলাই গৈ জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰিছিল। ১৯৫০ চনৰ পিছৰপৰা এই এছ'চিয়েছন ক্রমাৎ দুৰ্বল হৈ পৰে।



২৮) কিমান চনত আহোম সভাক সদৌ অসম আহোম এছ'চিয়েছন নামেৰে নামকৰণ কৰা হৈছিল?


উত্তৰ: ১৯১০ চনত ।



২৯) যোৰহাট সাৰ্বজনিন  সভা কেতিয়া স্থাপিত হৈছিল?

উত্তৰ: ১৮৮৪ চনত ।


৩০) কাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিন  সভা  স্থাপিত হৈছিল?


উত্তৰ: জগন্নাথ বৰুৱাৰ নেতৃত্বত ।



Post a Comment

0 Comments