ঈশ্বৰ
নিচিনো তোমাক ক'ত আছা প্ৰভু
আমি অতি সৰু ল'ৰা ,
চিঞৰি চিঞৰি মাতিলে তোমাক
নামাতা দূৰৈৰ পৰা ।
নাজানো তোমাক মিনতি কৰিব
আমি অতি সৰু ল'ৰা ,
আছা নেকি প্ৰভু সৰগত তুমি
হই জোন - বেলি - তৰা ।
নুবুজোঁ তোমাৰ মৰমৰ মাত
আমি অতি সৰু ল'ৰা,
ৰিণিকি ৰিণিকি সুৰ এটি আহে
জানো কৰবাৰ পৰা |
তথাপি তোমাক ভাল পাওঁ প্ৰভু
আমি অতি সৰু ল'ৰা ,
তোমাৰ চেনেহ দয়াৰে আমাৰ
বুকুখনি থাকে ভৰা ।
নোৱাৰো বুজিব তোমাৰ মহিমা
আমি অতি সৰু ল'ৰা ,
বিলোৱা হিয়াত মৰম জেউতি
নিতে আঁতৰৰ পৰা।
শব্দ অর্থ :
মিনতি: প্রার্থনা , নম্র অনুৰোধ (a humble prayer)
সৰগঃ স্বৰ্গ (heaven)
ৰিণিকি ৰিনিকিঃ অলপ অলপকৈ, অস্পষ্টকৈ (indistinctly)
মহিমা: মহত্ত্ব (greatness)
দয়া: কৃপা ( Kindnees)
জেউতি: জ্যোতি, পোহৰ (light)
অনুশীলনী:
১/ উত্তৰ লিখা |
(ক) সৰু ল'ৰাবোৰে ঈশ্বৰক কেনেদৰে মাতে ?
উত্তৰ: সৰু ল'ৰাবোৰে ঈশ্বৰক চিঞৰি চিঞৰি মাতে |
( খ ) ঈশ্বৰ সৰগত কি হৈ আছে বুলি সুধিছে ?
উত্তৰঃ ঈশ্বৰ সৰগত জোন - বেলি - তৰা হৈ আছে ।
( গ ) সকলোৰে হিয়াত কি বিলাবলৈ ঈশ্বৰক অনুৰোধ কৰিছে ?
উত্তৰঃ সকলোৰে হিয়াত মৰমৰ জেউিতি বিলাবলৈ ঈশ্বৰক অনুৰোধ কৰিছে ।
2/ খালী ঠাই পূৰ কৰা |
(ক)নাজানো তোমাক _____ কৰিব
আমি অতি সৰু ল'ৰা ,
আছা নেকি _____ ______ তুমি
হই জোন - _____ - তৰা ।
উত্তৰঃ
নাজানো তোমাক মিনতি কৰিব
আমি অতি সৰু ল'ৰা ,
আছা নেকি প্ৰভু সৰগত তুমি
হই জোন - বেলি - তৰা ।
(খ)নোৱাৰো বুজিব তোমাৰ _____
আমি অতি _____ ল'ৰা ,
বিলোৱা ______ মৰম ______
নিতে ______ পৰা।
উত্তৰঃ
নোৱাৰো বুজিব তোমাৰ মহিমা
আমি অতি সৰু ল'ৰা ,
বিলোৱা হিয়াত মৰম জেউতি
নিতে আঁতৰৰ পৰা।
৩/ বাক্য ৰচনা কৰা ।
চিঞৰি চিঞৰি : সি মাকক চিঞৰি চিঞৰি মাতিছে |
ৰিণিকি ৰিণিকিঃ ৰিণিকি ৰিণিকি সুৰ ভাহি আহিছে |
দয়া: দুখীয়াক দয়া কৰিবা |
তৰা: ৰাতিৰ আকাশত অগণন তৰা দেখিবলৈ পোৱা যায় |
জেউতি: আমি সকলোৰে হিয়াত মৰম জেউতি বিলাব লাগে |
মিনতি : আমি সকলোৰে মংগলৰ কাৰণে ভগৱানক মিনতি কৰো |
৪/ ঈশ্বৰ কবিতাৰ এই কেইশাৰী বাক্য তোমাৰ নিজৰ ভাষাৰে ব্যাখ্যা কৰা |
নাজানো তোমাক মিনতি কৰিব
আমি অতি সৰু ল'ৰা ,
আছা নেকি প্ৰভু সৰগত তুমি
হই জোন - বেলি - তৰা ।
উত্তৰঃ "নাজানো তোমাক মিনতি কৰিব
আমি অতি সৰু ল'ৰা ,
আছা নেকি প্ৰভু সৰগত তুমি
হই জোন - বেলি - তৰা ।"
ঈশ্বৰ কবিতাৰ এই বাক্য কেইশাৰীৰ যোগেদি ইয়াকে বুজাব বিচৰা হৈছে যে আমি সৰু ল'ৰাবোৰে কেতিয়াও চকুৰে নেদেখা ঈশ্বৰক কেনেকে মিনতি কৰিম নাজানো | ঈশ্বৰ ক'ত আছে আমি নাজানো| সেয়েহে সৰু ল'ৰাবোৰে সুধিছে যে ঈশ্বৰ সৰগত জোন - বেলি - তৰা হৈ আছে নেকি সুধিছে |
৫/ ঈশ্বৰ কবিতাটোৰ কবি গৰাকীৰ বিষয়ে লিখা |
উত্তৰঃ কবি ৰঘুনাথ চৌধাৰীৰ জন্ম হৈছিল ১৮৭৯ চনত | দহিকতৰা, কেতেকী , সাদৰী আদি কবিতা সংকলন আৰু নৱমল্লিকা নামৰ গদ্য সংকলন তেখেতৰ সৃষ্টি৷ তেখেতৰ বেছিভাগ কবিতাই চৰাই বিষয়ক | বিহগ মানে চৰাই৷ সেয়ে তেখেতক বিহগী কবি হিচাপে আখ্যা দিয়া হয়৷
৬/ কবিতাটোত কিছুমান শব্দ মন কৰিবা | নিচিনো নাজানো আদি | এনেধৰণৰ শব্দই কোনো কাম কৰিব নোৱাৰা বা নোহোৱা বুজায়৷ কবিতাটোৰ পৰা তলৰ শব্দবোৰৰ বিপৰীত শব্দ লিখা।
উত্তৰঃ
চিনো - নিচিনো
বুজোঁ - নুবুজোঁ
মাতা - নামাতা
জানো - নাজানো
পাৰোঁ - নোৱাৰো
0 Comments
Comment