অসমৰ সম্পদ ( সপ্তম শ্ৰেণীৰ বাবে)

অসমৰ সম্পদ ( সপ্তম শ্ৰেণীৰ বাবে)

 অসমৰ সম্পদ  

( সপ্তম শ্ৰেণীৰ বাবে)



১) মানুহ কেনেকৈ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰ: মানুহে প্ৰকৃতিৰ বিভিন্ন উপাদান তথা সম্পদ আহৰণ কৰি ব্যক্তিগত আৰু সামূহিক উন্নয়নৰ কামত ব্যৱহাৰ কৰি আহিছে। সেয়েহে মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল।




২) সম্পদৰ সঠিক ব্যৱহাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ: সম্পদৰ সঠিক ব্যৱহাৰ নিৰ্ভৰ কৰে দক্ষ মানৱ সম্পদ, যাতায়ত, পৰিবহণ, আৰু বজাৰ আদি বুনিয়াদী সা সুবিধাৰ ওপৰত।



৩) অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশ ঠাই অৰণ্যই আগুৰি আছে?

উত্তৰ: প্ৰায় ২০.৬ শতাংশ ।



৪)চিৰসেউজীয়া উদ্ভিদ কাক বোলে?

উত্তৰ: যিবোৰ উদ্ভিদ গোটেই বছৰজুৰি পাতেৰে সেউজীয়া হৈ থাকে , তাকে চিৰসেউজীয়া উদ্ভিদ বোলে।




৫) উজনি অসমত আৰু ডিমা হাছাও , কাছাৰ জিলা আদি অঞ্চলত পোৱা কিছুমান চিৰসেউজীয়া উদ্ভিদৰ নাম লিখা।

উত্তৰ: হলং, হলক, মাকাই, নাহৰ , উৰিয়াম, তিতছপা আদি।




৬) পৰ্ণপাতী উদ্ভিদ কাক বোলে?

উত্তৰ: বছৰি প্ৰায় ১০০ ৰ পৰা ২০০ চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হোৱা অঞ্চলসমূহত বসন্তকালত বতৰ শুকান হৈ গছৰ পাত সৰি যায়। এই শ্ৰেণীৰ উদ্ভিদক পৰ্ণপাতী উদ্ভিদ বোলে।




৭) পৰ্ণপাতী উদ্ভিদ অসমৰ কোন কোন অঞ্চলত পোৱা যায়?

উত্তৰ: কামৰূপ, গোৱালপাৰা আৰু কোকৰাঝাৰ আদি অঞ্চলত।




৮) পৰ্ণপাতী উদ্ভিদৰ কিছুমান উদাহৰণ দিয়া।

উত্তৰ: শাল, চেগুন, গমাৰি, শিমলু, আম, কঁঠাল আদি।




৯) অসমত থকা কিছুমান বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম লিখা।

উত্তৰ: হলক, গিবন , নল গাহৰি, সোণালী বান্দৰ , দেওহাঁহ আদি।




১০) অসমৰ কোন কোন অঞ্চলত কাগজ কল আছে?

উত্তৰ: জাগীৰোড, পঞ্চাগ্ৰাম আদি অঞ্চলত।




১১) অসমৰ কোন কোন অঞ্চলত প্লাইউড কাৰখানা আছে?

উত্তৰ: মাকুম, মাৰ্ঘেৰিটা, মৰিয়নি, ডিফু আদি অঞ্চলত।




১২) যাদৱ পায়েং ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ : যাদৱ পায়েং অসমৰ এগৰাকী বিখ্যাত পৰিবেশ কৰ্মী।তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত একক প্ৰচেষ্টাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছে। তেখেতৰ পৰিবেশ সুৰক্ষাৰ এই নিৰলস প্ৰচেষ্টাই আজি সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰিছে । ২০১৫ বৰ্ষৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। তেখেতক অৰণ্য মানৱ আখ্যা দিয়া হৈছে।




১৩) অসমৰ দুটা ব্যঘ্ৰ প্ৰকল্পৰ নাম ।

উত্তৰ: মানাহ আৰু নামেৰি।




১৪) অসমৰ ভূগৰ্ভত পোৱা কিছুমান খনিজ সম্পদৰ নাম লিখা।

উত্তৰ: কয়লা, খাৰুৱাতেল, প্ৰাকৃতিক গেছ, চূণশিল, চিলিমেনাইট আদি।




১৫) ইংৰাজসকলে ভাৰতত কেতিয়া আৰু কত প্ৰথমে খাৰুৱা তেলৰ সন্ধান পায়?

উত্তৰ: ১৮৮৯ চনত, অসমৰ ডিগবৈত।




১৬) বৰ্তমান অসমৰ কত কত খাৰুৱা তেলৰ পুঙ আছে?

উত্তৰ: নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, বৰহোলা, লাকুৱা, দিহিং উপত্যকা আদি অঞ্চলত।




১৭) ONGC ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ: Oil and Natural Gas Commission।




১৮) OIL ৰ সম্পূৰ্ণ নাম কি?


উত্তৰ: Oil India Limited।




১৯) কয়লা কোনটো যুগৰ?

উত্তৰ: টাৰচিয়েৰী যুগৰ।





Post a Comment

0 Comments