ভাৰতৰ ভূগোল
✋ ভাৰতৰ ঋতুৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতত এবছৰত চাৰিটা ঋতু পালন কৰা হয়। এইবোৰ -
ক) বাৰিষাৰ পূৰ্বে : বাৰিষাৰ পূৰ্বৰ বতৰত উষ্ণতা আৰু বৰষুণ দুয়োটা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। উষ্ণতা বৃদ্ধি হ’লে বায়ুৰ চাপ কমি যায় আৰু বায়ুমণ্ডলত বিঘিনি ঘটে। ফলত ,প্ৰবল বৰষুণ ,প্ৰচণ্ড বতাহ আৰু ধুমুহা ইত্যাদি সংঘটিত হয়। বাৰিষাৰ পূৰ্বৰ সময়ত অসমত হোৱা ধুমুহাক স্থানীয়ভাৱে বৰদৈচিল্লা বুলি কোৱা হয়।
খ) বাৰিষা : বাৰিষাৰ পূৰ্বৰ পিছত বাৰিষা আৰম্ভ হয় আৰু স্বাভাৱিকতে উষ্ণতা আৰু বাৰিষা বৰষুণো বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷অৱশ্যে বৰষুণৰ বাবে এই ঋতুত উষ্ণতা কিছু কম হয়।
গ) প্ৰি- শীতকাল :বাৰিষাৰ বতৰ শেষ হোৱাৰ লগে লগে প্ৰি শীতকাল আৰম্ভ হয় আৰু বৰষুণো কমিবলৈ আৰম্ভ কৰে।
ঘ) শীতকালঃ শীতকালত বৰষুণ আৰু কমি যায় আৰু তীব্ৰ ঠাণ্ডা অনুভৱ হয়।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি মাৰ্চ মাহৰ মাজভাগৰ পৰা মে’লৈ বাৰিষাৰ পূৰ্বৰ ঋতু জুনৰ পৰা ছেপ্টেম্বৰলৈকে, শীতকালৰ পূৰ্বৰ ঋতু অক্টোবৰৰ পৰা ডিচেম্বৰৰ মাজভাগলৈকে আৰু শীতকাল ডিচেম্বৰৰ মাজভাগৰ পৰা মাৰ্চৰ মাজভাগলৈকে বিস্তৃত হয়।
বাৰিষা আৰু বাৰিষাৰ পূৰ্বৰ কিছু অংশ সামৰি লোৱা সময়ছোৱাক গ্ৰীষ্মকাল বুলিও ক’ব পাৰি।
0 Comments
Comment