মোৰ প্ৰিয় গ্ৰন্থ

মোৰ প্ৰিয় গ্ৰন্থ

 


                মোৰ প্ৰিয় গ্ৰন্থ 


আৰম্ভণি: গ্ৰন্থ অধ্যয়ন জ্ঞান লাভৰ আমোঘ অস্ত্ৰ। গ্ৰন্থ অধ্যয়নৰ যোগেদি এজন ব্যক্তিৰ জ্ঞানৰ দুৱাৰ খোল খাই। যিখন গ্ৰন্থৰ অধ্যয়নৰ যোগেদি ব্যক্তিৰ জ্ঞানৰ দুৱাৰ খোল খায়, ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন হয়, নাইবা ব্যক্তিগৰাকী বাস্তৱ জীৱনৰ লগত সহজভাবে আগবাঢ়ি যাবলৈ সক্ষম হয়, সেইখনেই হৈছে উৎকৃষ্ট গ্ৰন্থ । মই ভক্তিমূলক, তত্বকথামূলক বা অনান্য বহুতো গ্ৰন্থ অধ্যয়ন কৰিছো । এই আটাইবোৰ গ্ৰন্থই মোক বিভিন্ন জ্ঞানৰ আভাস দিছে। তথাপিও প্ৰিয় গ্ৰন্থ হিচাপে লিখিবলৈ কোৱাত মোৰ মনত অতিকৈ সাঁচ বহুওৱা ভক্তিমূলক তথা ব্যবহাৰিক জ্ঞান প্ৰদানমূলক গ্ৰন্থ শ্ৰী কৃষ্ণ গীতাৰ বিষয়ে লিখিবলৈ লৈছোঁ।


গ্ৰন্থখনৰ প্ৰধান চৰিত্ৰ : শ্ৰী কৃষ্ণ গীতা গ্ৰন্থখনত কুৰুক্ষেত্ৰ ৰণত যুদ্ধ কৰিব যোৱা বিভিন্ন ব্যক্তিৰ উল্লেখ আছে । তথাপিও গ্ৰন্থখনত প্ৰধানকৈ দুটা চৰিত্ৰই স্থান পাইছে । এই চৰিত্ৰ দুটা হৈছে শ্ৰী কৃষ্ণ আৰু অৰ্জুনৰ চৰিত্ৰ ।


গ্ৰন্থখনৰ মূলকথা :  

শ্ৰী কৃষ্ণ গীতাখন প্ৰধানতঃ এখন ব্যবহাৰিক গ্ৰন্থ। ইয়াত অৰ্জুনে শ্ৰী কৃষ্ণক কিছুমান প্ৰশ্ন কৰিছে আৰু কৃষ্ণই সেই প্ৰশ্নসমূহৰ উত্তৰ দি গৈছে ।

Post a Comment

0 Comments