মই যেতিয়া এই জীৱনৰ
মই যেতিয়া এই জীৱনৰ
মায়া এৰি গুচি যাম
আশা কৰোঁ মোৰ চিতাৰ কাষত
তোমাৰ সঁহাৰি পাম।
নেলাগে মোৰ সোঁৱৰণী সভা
নেলাগে মিছা নাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।।
সমূহৰ বাবে গীত গাই গাই
তোমাক পাহৰি গ'লোঁ
সেয়েহে হ'বলা ভৰ জীৱনতে
তোমাকো হেৰুৱালোঁ।
সেই ক্ষোভে মোক দহিছে আজিও
শান্তি ক’তেনো পাম?
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।
মোৰ জীৱনৰ সংগ্ৰামখিনি
ফঁহিয়াই চালে পাম
তুমি নিদিয়া মৰমখিনিতে
আছিল সৰগী ধাম।
সেই সৰগী ধামখনি মই
তোমাৰ বুকুতে পাম
তোমাৰ এটুপি চকুলো পালেই
মই পাম মোৰ দাম।
Comments
Post a Comment
Comment