অমৰ বাণী
১) যি মানুহে মোৰ কথাৰ প্ৰতিবাদ কৰে মই তেওঁৰ কাষ চাপিবলৈহে বেছিকৈ চেষ্টা কৰো, কাৰণ তেনে মানুহৰ পৰাহে মই বেছিকৈ শিক্ষা পাব পাৰো। -
----------- মিচেল দ্যা মতাই
২) সকলো মানুহেই নিশ্চয়তা আৰু মানসিক প্রশান্তি বিচাৰে। কিন্তু নিশ্চয়তা কেতিয়াও সুনিশ্চিত নহয় আৰু মানসিক প্রশান্তি মানুহৰ ভাগ্যত লিখা নাই।
----------অলিভাৰ ওৱেণ্ডেল হোমছ
৩) ওচৰ-চুবুৰীয়াৰ ঘৰত জুই লাগিলে আমি সর্বপ্রথমে নিজৰ ঘৰটো জুইৰ পৰা ৰক্ষাৰ চিন্তা কৰা উচিত।
----------- এন্দু হেমিলটন
৪) মানুহ হ'ল এনে এবিধ ইতিহাস নির্মাতা প্রাণী যি নিজৰ অতীতটোৰ পুনৰাবৃত্তি কৰিবও নোৱাৰে আৰু অতীতটোক সমুলি বিসর্জন দিবও নোৱাৰে।
-------- ডব্লিউ এইচ অ'ডেন
৫) অপৰিণত বুদ্ধিৰ মানুহৰ প্ৰধান লক্ষণ হ’ল এইটো যে তেওঁ কিবা এটা আদৰ্শৰ কাৰণে মহৎভাবে মৃত্যু বৰণ কৰিব খোজে; পৰিণত বুদ্ধিৰ মানুহৰ লক্ষণ হ’ল তেওঁ তেনে এটা আদৰ্শৰ কাৰণে নম্ৰ ভাবে জীয়াই থাকিব খোজে।
----------- উইলিয়াম ষ্টেকেল
৬) আমি যদি যুক্তিৰ দ্বাৰা পৰিচালিত হব খোজো, তেন্তে আমাৰ প্ৰথম কৰ্তব্য হব আমাৰ মনটোক শক্তিশালী কৰা। একমাত্র সবল মনেহে যুক্তিক অনুসৰণ কৰে৷
---------------- লুই ডিব্ৰাণ্ডেছ
৭) আগৰ দিনত সম্পদ বা প্ৰাচুৰ্য্য বৃদ্ধিৰ একমাত্ৰ উপায় আছিল এজনৰ সম্পত্তি আনজনে কাঢ়ি লোৱা । মানুহৰ ইতিহাসত বিজ্ঞানে প্রথম বাৰৰ কাৰণে এই কথা প্রমান কৰিলে যে সেইটো নকৰাকৈয়ো সম্পদ বৃদ্ধি কৰিব পাৰি।
-------------- কাৰ্ল টেইলৰ কম্পটন
৮) কোটি কোটি মানুহৰ মন দাসত্ব বন্ধনত বান্ধ খাই থাকে। সেই দেশৰ দাশত্বৰ পৰা মুক্তি পোৱাৰ উপায় কি? বিদ্রোহ কৰা। নিজৰ কথা চিন্তা কৰা আন মানুহে যদি শুই থাকিব খোজে থাকক। কেৱল তুমি ‘তুমি’ হবলৈ চেষ্টা কৰা; আনৰ পৰা পৃথক হ’বলৈ চেষ্টা কৰা।
------------ ব্ৰনছন এলকট
৯) সৰু ফুটাৰ মাজেদি যেনেকৈ পোহৰ দেখা যায়, তেনেকৈ সৰু কথাৰ যোগেদিও মানুহৰ চৰিত্ৰৰ মাহাত্ম্য প্রকাশ পায়।
-------- - লর্ড এভাৰবেৰী
১০) অৱসৰ কালত প্ৰতিভাৰ বিকাশ হয়, চৰিত্ৰ গঠিত হয় সংসাৰৰ ধুমুহাত ৷
--------- গ্যেটে
১১) ঈশ্বৰৰ ইচ্ছাত কেতিয়াবা বিষো অমৃত হয় আৰু অমৃতো বিষ হয়।
----------- কুমাৰ সন্তৱ
১২) আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়।
- ------ আনন্দ চন্দ্ৰ আগৰৱালা
১৩) স্বাধীনতা ৰক্ষাৰ একমাত্ৰ ঢালস্বৰূপ হৈছে জনগণ।
---------- টমা জেফাৰচন
১৪) কম বেছি পৰিমাণে আমি সকলোৱেই জনমতৰ দাস। সমগ্ৰবিশ্বই মোৰ জন্মভুমি।
---------- চেনেকা
১৫) মোক স্বর্গ নালাগে, মোক বৈকুণ্ঠ নালাগে। সুজলা সুফলা অসম ভূমিতে মই পুনৰ জন্ম লম৷
-----------– পিয়লি ফুকন
১৬) ঈশ্বৰে আমাক দুখন কাণ দিছে জিভা দিছে কিন্তু এখনহে।
---------- বিছমার্ক
১৭) নিজৰ অতীতলৈ ঘুৰি চাব পৰা জনে দ্বিতীয়বাৰ জীয়াই থকাৰ সন্তুষ্টি লাভ কৰিব পাৰে।
------------ - মাৰ্চিয়েল
১৮) কেৱল জনসংখ্যাই জাতিক ডাঙৰ নকৰে। জাতি ডাঙৰ হয় জাতীয়তা বাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰাঙলি তেজেৰে।
-------– বিষ্ণুপ্ৰসাদ ৰাভা
১৯) স্বাধীনচেতিয়া, সুচৰিত্ৰ সাহসী আৰু স্বাৰ্থত্যাগী নেতা আৰু কৰ্মীৰ অবিহনে এটা জাতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰে।
---------—দেৱেশ্বৰ শৰ্মা
২০) কোনেও সমস্যা সম্পর্কে বুজিবলৈ যত্ন নকৰে। যেতিয়া ই বীভৎস ৰূপ লয় তেতিয়া ন্যায়িক তদন্তৰ দাবী জনায়। কাৰ বিৰুদ্ধে এই তদন্ত চৰকাৰৰ নে আন্দোলন কাৰীৰ ? যিবোৰ কাৰকে ঘটনা ঘটায় তাৰ বিৰুদ্ধে এই তদন্তৰ নীতিয়ে একো কাম কৰিব নোৱাৰে।
--------— গিয়ানী জাইল সিং
0 Comments
Comment