নিয়ৰ
মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা,
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা।
নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি,
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি নাচি।
ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰৈ গ'ল মণি,
ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ
ৰ’ল চিন এইকণি,
পুৱাৰ হেঙুলি বেলিটিলৈ চাই
এটুপি চকুৰ পানী৷
নিয়ৰ কলিৰে শোভে ফুল জুপি
চাইছো ভাবতে ভাহি,
হায় কি বিষম পেলালে বায়ুৱে
জোকাৰি ফুলৰ পাহি।
কবি : চন্দ্ৰকুমাৰ আগৰৱালা ।
0 Comments
Comment