অমৰ বাণী
১) তেৱেই মহান কবি, যিজনে প্ৰতিটো শব্দৰ মাজেৰে তেজ নিগৰাব পাৰে।
------ ৱাল্ট হুইটমেন ।
২) মুখৰ কথা ভাল কিন্ত সবাতোকৈ ভাল নহয়। শ্রেষ্ঠক কথাৰে বুজাব নোৱাৰি। আমি যি ভাব মনত লৈ কাম কৰো সেয়ে হৈছে আচল কথা
---------- - গ্যেটে
৩) মোক মৰম আৰু কাম- এই দুটাই মাত্ৰ দিয়া।
--------- টমাছ মৰিছ
৪) জন্মৰ দ্বাৰা নহয় কৰ্মৰ দ্বাৰাহে মানুহ মহান হয়।
---------- মহাবীৰ
৫) কর্তব্যজ্ঞানে লোকক উদাৰ আৰু মহৎ কৰে, এলাহে অধম কৰে।
-------------- সত্যনাথ বৰা
৬) সকলো মানুহ সকলো কামৰ বাবে উপযুক্ত নহয়। কিন্তু প্রত্যেক জন মানুহেই কোনো এটা কামৰ বাবে উপযুক্ত।
------------ জর্জ বার্ণাডশ্ব’
৭) প্রতিজন মানুহে ভোগ কৰে যেতিয়া তেওঁ উৎপাদনো কৰিব লাগিব৷
--------- – এমাৰ্চন -
৮) কর্তব্যজ্ঞানে কৰ্মলৈ উৎসাহ আৰু প্ৰতিজ্ঞা জন্মায় আৰু মনৰ একাগ্ৰতা বঢ়ায়-
----------- সত্যনাথ বৰা
৯)উপবাসে থাকি মানুহে নিজৰ দেহক সংযত কৰি ৰাখে যদিও ভোগ স্পৃহা থাকিয়েই যায়।
------------গীতা
১০) উন্নত পৰ্য্যয়ৰ মানুহে লাহে লাহে কথা কয়, কিন্ত নিজৰ কামত আন্তৰিকতা প্ৰদৰ্শন কৰে।
----------- কনফুচিয়াচ
১১) আদর্শ যদি অম্লান হয়; আত্মা যদি ভয়হীন হয় তেন্তে ব্যর্থতা আহিবই নোৱাৰে।
---------- হেম বৰুৱা
১২) হুকুম মানি চলা জনেহে হুকুম দিয়াৰ কৰ্ত্তৃত্ব লাভ কৰে।
----------- টমাচ জেফাৰচন
১৩) আমাক ভাল মানুহ লাগে। ভাল আইন আদালতৰ আৱশ্যক নাই।
----------- জর্জ বার্ণাডশ্ব'
১৪) আশা আছে বাবে পৃথিৱীখন ইমান ধুনীয়া।
----- হেম বৰুৱা
১৫) ঘোঁড়াক চিনিবা কাণত, ক্ষুৰক চিনিবা শানত, তিৰীক চিনিবা স্নানত।
---------- ডাক
১৬) ত্যাগেহে ভোগৰ আনন্দ তীব্ৰতৰ কৰি তুলিব পাৰে।
---------- - গ্যেটে
১৭) মানৱ জাতিয়ে ভোগ কৰি থকা দুখ কষ্টৰ অৱসান ঘটাৱ পাৰে একমাত্ৰ শ্ৰমে ।
---------- টি কালাইল
১৮) শ্ৰদ্ধা আৰু ভালপোৱাৰ পাত্ৰ হৈ আনৰ মনত জীয়াই থকাই হৈছে জীৱন। – --- ----------- জোচেফ কনৰাড
১৯)জীৱনক ভয় নকৰিবা৷ জীৱনক জীয়াই ৰাখিব পাৰিম বুলি বিশ্বাস ৰখা। এই বিশ্বাসে তোমাক উন্নতিৰ পথত আগুৱাই লৈ যাব।
-------------- উইলিয়াম জেমছ
২০) জ্ঞান মানুহক দিব নোৱাৰি উপলদ্ধিহে কৰিব পাৰি
----------- - চক্রেটিছ ।
২১) পুৰুষাৰ্থৰ বলত জীৱাত্মালৈ ৰূপান্তৰিত হব পাৰে।
---------- মহাবীৰ
২২)জীৱনৰ ৰূপ কেতিয়াবা সুন্দৰ কেতিয়াবা ভয়ঙ্কৰ। কিন্তু তাক সত্য ৰূপত দেখিবলৈ হলে আমাৰ দৃষ্টি হব লাগিব প্ৰখৰ আৰু নিৰ্মল।
------------------- হোমেন বৰগোহাঞি
২৩) আমি দীঘলীয়া জীৱন যাপন কৰো সেইটো আচল কথা নহয়। কিন্তু কেনেকৈ জীৱন যাপন কৰো সেইটোহে আচল কথা।
----------– বেইলি
২৪)যদি জীৱনটো উপভোগৰ বস্তু নহয়, তেন্তে মৃত্যুক কিয় ৰাক্ষক বুলি ভবা হয়। -- ------------এভাৰবেৰী
২৫)বিৰোধীসকলক মই শ্রদ্ধা কৰো এই কাৰণেই যে তেওঁলোকৰ অধিকাংশই আমাক তীব্ৰভাৱে সমালোচনা কৰে সৰল বুক্তি আৰু তথ্যৰ চোকা অস্ত্ৰৰে।
------------–জন, এফ. কেনেডি
২৬)দূৰৈত অস্পষ্টকৈ দেখিবলৈ পোৱাতকৈ সন্মুখতে হাতৰ মুঠিত থকাটোৰ ওপৰত গুৰুত্ব দিয়াটোৱেই জীৱনৰ উদ্দেশ্য হোৱা উচিত ।
--------—টমাচ কাৰ্লাইল
২৭) জীৱনক ভাল পালে, সময়ৰ অপব্যৱহাৰ নকৰিবা। কাৰণ জীৱন এই বস্তুটোৰেই গঢ়া।
------------- – বেঞ্জামিন ফ্ৰেংকলিন ।
0 Comments
Comment