অমৰ বাণী

অমৰ বাণী

                           



                      অমৰ বাণী 




১) যি কোনো জাতিৰ ভাগ্য নিৰ্ভৰ কৰে সেই জাতিৰ পঁছিশ বছৰতকৈ কম বয়সৰ ডেকা-গাভৰুৰ মতামত আৰু ভাৱ চিন্তাৰ ওপৰত।

                           - গ্যেটে 


২) শিকিবলৈ ইচ্ছা নকৰাটো যিমান লাজৰ কথা নজনাটো সিমান নহয়। 

--------বেঞ্জামিন ফ্রেঙ্কলিন


৩) তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰম বিলাক আগতে স্থিৰ কৰি লোৱা দেখিবা এসময়ত সিয়েই তোমাক মানুহ কৰি তুলিব।

              ------ বেনেডিক্ট 


৪) সজ চিন্তাশীল মানুহ কেতিয়াও নিসন্দ্ব নহয়। 

------ চাৰ ফিলিপ চিডনী 


৫) পাপীয়ে সদায় পোহৰলৈ ভয় কৰে কিয়নো জানোচা পোহৰত তাৰ স্বৰূপ প্রকাশ পায়। কিন্তু পূণ্যবাণ এজনৰ এই ভয় ভাৱ নাই, তেওঁৰ সদায় পোহৰলৈহে ধাউতি। 

                       – যীশুখ্রীষ্ট 



৬) যেতিয়া এটা জাতিয়ে দেখা দেখিকৈ ইশ্বৰক পিঠি দি সাংসাৰিক সুখ উন্নতিত লিপ্ত থাকে তেতিয়াই ধ্বংসৰ মুখত পৰে।

                    – ৰাধাকৃষ্ণন 



৭)  শস্যক্ষেত্ৰত যেনেকৈ হালোৱাই গৰুক আগুৱাই যাৱলৈ খুচি দিয়ে কাৰ্যক্ষেত্ৰটো সেইদৰে দৃষ্টান্তই মানুহৰ্ মনক উদ্‌গতিৰ পথত আগুৱাই যাবলৈ খুচি দিয়ে।

               – সত্যনাথ বৰা



 ৮) নিজৰ দেশক ভাল পাবলৈ হলে জাতিভেদ পাহৰিব লাগিব অথবা সন্দেহ আৰু ভয় ত্যাগ কৰিব লাগিব৷ প্ৰেম, মিলন আৰু জ্ঞান এই তিনিটাক সাৱটি ধৰিব লাগিব৷ 

               ------সত্য দাস



৯) অসত্যতাৰ প্ৰতিমুহুর্ততেই হতাশা আছে।

                      - কালাইল 



১০)  আমি আমাৰ দেশখনক কঠোৰ পৰিশ্ৰমেৰেহে গঢ়িব পাৰিম শ্লোগানেৰে নহয়।

         ------ ড° ৰাধাকৃষ্ণন


১১)যি শিক্ষাই নিজক আনৰ হাতত বেচিবলৈ শিকায় তেনে শিক্ষাৰে শিক্ষিত হোৱাতকৈ জধামুৰ্খ হোৱা বহুগুণে ভাল। 

              -------হেম বৰুৱা 



১২)  কালিৰ কথাত শোক কৰি থাকিলে আজিও হেৰাব। বৰ্ত্তমানৰ সদব্যৱহাৰ কৰা । 

----- লক্ষ্মীনাথ বেজবৰুৱা ।



১৩)  শ্রমিক কৃষকৰ হাত বোকামাটিৰে অপৰিস্কাৰ হলেও ভৰি ধুলি-বালিৰে মলিয়ন হলেও, তেওঁলোকহে সবাতকৈ পৰিচ্ছন্ন মানুহ।

             ------- মাও জে দং


১৪)  বিপ্লৱীয়ে সদায় জীৱনৰ অতি তিক্ততম সংকটৰ মুখামুখি হ’বলৈও মানসিকভাৱে প্ৰস্তুত থকা প্রয়োজন।

                 ------ - ফিডেল ক্রাষ্টো


১৫)  জীৱনৰ অন্তিম মূহুৰ্তলৈকে সাহস, দৃঢ়তা আৰু বলিষ্ঠতাৰে বিপ্লৱক পৰিচালিত কৰি আগুৱাই যোৱাটোৱেই এজন বিপ্লৱীৰ একমাত্র লক্ষ্য হোৱা উচিত। 

                         --------- চেগুৱেভাৰা


১৬)  পৃথিৱীত অবিৰাম কাম কৰি যোৱা কিন্তু নিজকে বান্ধ নোখোৱাবা কাৰণ বন্ধন বিষাত্মক। 

               ---------- স্বামী বিবেকানন্দ



১৭)  নিজৰ পত্নী আৰু লগুৱাৰ দৃষ্টিত কোনো মানুহেই বীৰ নহয় ৷ 

                           --------- মণ্টেইন 


১৮)  যি মানুহে অকলে সমগ্র পৃথিৱীৰ বিৰুদ্ধে থিয় হ’ব পাৰে, তেওঁকহে মই প্রকৃত বীৰ বুলি কওঁ। 

                 --------- হেনৰিক ইবচেন 


১৯)  অসৎ উদ্দেশ্যৰে কোৱা এটা সঁচা কথা মানুহে সৃষ্টি কৰা সকলো মিছা কথাতকৈ ভয়ঙ্কৰ।

                  --------- উইলিয়াম ব্লেক 


২০)  ভাগ্যই সেই সকলকহে সহায় কৰে যি সকলৰ ভাল বিচাৰ বুদ্ধি আছে।

                       ------- ইউৰি পাইডিছ 


২১)  কোনো কামত ভৱিষ্যত নাই। ভৱিষ্যত নিৰ্ভৰ কৰে কামত লাগি থকা মানুহজনৰ ওপৰত৷ 

            --------- ড° জি, ডব্লিউ, ক্ৰেৰণ 


২২) যাৰ লগত সত্য, দান, আক্রোশ, ক্ৰুৰতাপূৰ্ণ আচৰণ নকৰা ভাৱ, লজ্জা, দয়া আৰু তপ – এই সদগুণবোৰ থাকে, তেওঁক ব্রাহ্মণ বোলা হয়।


                         ---------- ভৃগুমুণি 



২৩) ভয়ৰ জৰিয়তে জন্ম হোৱা ভক্তি কচুপাতৰ পানীৰ দৰে খন্তেকীয়া।

                    ---------- হেম বৰুৱা


২৪) যি তলত আছে তাৰ পৰি যোৱাৰ ভয় নাই।

                          ------------ বুলিয়ান

 


২৫) প্ৰেমলৈ ভয় কৰাৰ অৰ্থ হ'ল জীৱনলৈ ভয় কৰা। যিসকলে জীৱনলৈ ভয় কৰে তেওঁলোকক জীৱিত কালতে বহুলাংশে মৃত বুলি আখ্যা দিব পাৰি।

                           -------- আঁদ্রে জিদ 


২৬) বেয়া কামৰ বাহিৰে মই আন একোলৈকে ভয় নকৰো।


                                   -------- ষ্টার্ণ







Post a Comment

0 Comments