অমৰ বাণী
১) দান কৰা বস্তুটো নিদিয়াটো ঋণ পৰিশোধ নকৰাৰ সমান।
--------- কৌটিল্য
২) আমি দুখীয়া হব পাৰো, কিন্ত যাতে অসৎ নহও তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷
---------- মাও জে দং
৩) দৰিদ্ৰতাৰ পক্ষে স্বাধীন হৈ থকাটো একপ্ৰকাৰ অসম্ভৱ ৷
--------- উইলিয়াম বেখট
৪) নিজৰ সুখেই যাৰ লক্ষ্য তেওঁ এজন অসৎলোক, আনৰ প্ৰশংসা পোৱাটোৱেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন দুৰ্বল আৰু আনৰ সুখেই যাৰ জীৱনৰ লক্ষ্য তেওঁ এজন সৎলোক।
-------- – টলষ্টয়
৫) কেৱল জীয়াই থকাৰ বাবে জীৱন ধাৰণ কৰাটো পাপ। জীয়াই থকাৰ উপযোগী কৰি গঢ়ি তোলাটোহে সৎকাম।
---------- জুভেনাল
৬) তুমি নিজে এজন সাধু হোৱা আৰু তেতিয়া তুমি নিঃসন্দেহে কব পাৰিবা যে এজন অসৎলোক পৃথিৱীৰ পৰা কমি গৈছে।
----------– কালাইল
৭) আন কোনোৱে আমাক সহায় কৰিব নোৱাৰে। নিজেই নিজৰ সহায়ক হোৱা।
------------ গৌতমবুদ্ধ
৮) পৰস্পৰে পৰস্পৰক সহায় কৰিব পাৰিলে মনত অপাৰ আনন্দ পোৱা যায়।
---------- মহাবীৰ -
৯) ভাল সঙ্গ আৰু ভাল কথোপ কথন বৰ সৰল গুণ।
---------- ইঝাক ৱালটন
১০) যি মানুহে নিজে কোনো কাম কৰি স্বীকৃতি অর্জন কৰিব পৰা নাই ; তেওঁৰ পক্ষে আনৰ কামত সমালোচনা কৰাটো শোভা নাপায়।
------- – জোচেফ এডিচন
১১) পৰে আৰ্জি থোৱা ধনেৰে ডাঙৰ হলে তাত পুৰুষালি নাই। নিজৰ বাউসীৰ বলেৰে যি পুৰুষ ডাঙৰ হয় তেওঁহে ধন্য।
--------– সত্যনাথ বৰা
১২) অতীতৰ ফালে চোৱাৰ প্ৰয়োজন নাই, আগৰ ফালে চোৱা । আমাক
লাগে অসীম শক্তি, দুৰ্জেয় সাহস আৰু অসীম ধৈর্য্য। তেতিয়াহে আমি মহৎ কাৰ্য্য সাধন কৰিব পাৰিম ৷
----------- স্বামী বিবেকানন্দ
-
১৩) কু সংস্কাৰ বা বিচাৰ-বৰ্জ্জিত আচাৰ সামাজিক অৱনতিৰ এটা প্ৰধান লক্ষণ।
------------ পদ্মনাথ গোঁহাঞি বৰুৱা
১৪) আপুনি এজন বন্ধু নির্বাচন কৰাৰ দৰেই আপোনাৰ প্ৰিয়
সাহিত্যিকজনকো বাছি লওঁক।
-------- আর্ল অৱ বচকমন
১৫) আমি যি জানো সি অতি সামান্য। আমি যি নাজানো ; তাৰ সীমা নাই। এতেকে নিজকে জ্ঞানী বুলি ভৱা অনুচিত।
----------- পপলেজ
১৬) মানুহে ভুল স্বীকাৰ কৰিবলৈ লাজ পোৱা উচিত নহয়। এই কামে মানুহক আগতকৈ অধিক জ্ঞানী হোৱাটোহে সুচায়।
--------- আলেকজেণ্ডাৰ প’প
১৭) অতি সাধাৰণ শ্ৰেণীৰ মানুহ হ'লেও জ্ঞানীজনে অতিথি সৎকাৰ কৰে।
--------- – বাল্মীকি
১৮) জ্ঞান হৈছে স্বৰ্গীয় বস্তু। জ্ঞানেই পূণ্য। জ্ঞান থাকিলে মানুহ সুখী হব পাৰে।
----------চক্ৰেটিছ
১৯) প্ৰকৃত সাধুতা হৈছে লগৰ মানুহক ভালপোৱাটো আৰু প্ৰকৃত জ্ঞান হৈছে পৃথিৱীৰ মানুহক জনাটো।
---------- কনফুচিয়াচ
২০ ) মানুহে জ্ঞানৰ কৰ্ম কৰি মানুহ নামৰ গৰাকী হব পাৰে।
------------ সত্যনাথ বৰা
২১) জীৱনেই হ’ল সকলো জ্ঞানৰ উৎস। কিন্ত যি জ্ঞান মানুহৰ ব্যক্তিগত অভিজ্ঞতাৰ মাজেদি পৰিস্কৃত হৈ অহা নাই, সেই জ্ঞান কেতিয়াও তেওঁৰ নৈতিক চেতনাৰ অংশীভুত হব নোৱাৰে ।
------------– এডিথ হোৱাৰ্টন
২২) আত্ম প্ৰশংসাকাৰীসকলক ভগৱানে ঘিন কৰে।
---------- ছেণ্টক্লিমেন্ট
২৩) ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। এয়ে মোৰ গায়ত্ৰী মন্ত্র ।
------------ জ্যোতিপ্ৰসাদ
২৪) মানুহে নিজৰ বিষয়ে যিখিনি কথা গোপন কৰি ৰাখে তাতেই মানুহৰ সত্য পৰিচয় লুকাই থাকে।
----------- আঁদ্রে মালৰো
২৫) সজাগ জনসাধাৰণেহে গণতান্ত্রিক অধিকাৰ ৰক্ষা কৰিব পাৰে৷
------------– গোলাপ বৰবৰা
0 Comments
Comment