১) অভিজ্ঞ মানুহৰ চিন তাতেই যেতিয়া তেওঁ ভাগ্যক বিশ্বাস নকৰে।
-------- যোছেফ কনৰাড্
২) ইশ্বৰ লাভৰ বাবে সংসাৰ ত্যাগ অপৰিহাৰ্য্য নহয়; কিন্তু কোনোৱে যদি ইশ্বৰ প্ৰাপ্তিৰ বাবে আত্মোৎসর্গ কৰি সংসাৰ বিমুখ হয় সি আদৰণীয় নহয়।
------------ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন
৩) আমি সম্পদ আহৰণ কৰো আৰু তাকেই ভাগ্য বুলি কওঁ।
------------ - ডিজৰেলি
৪) এখন অত্যাচাৰী চৰকাৰ বাঘতকৈ বেছি ভয়ংকৰ।
--------– কনফুচিয়াচ
৫) মদ্যপাণ অস্থায়ীভাৱে আত্মহত্যাৰ লেখীয়া, ই যি সুখ কঢ়িয়াই আনে সি প্রকৃততে দুখহে।
---------- বাট্ৰাণ্ড ৰাছেল
৬) মানুহৰ মন পেৰাচুটৰ দৰেই, খোল খালেহে সি ক্রিয়াশীল হয়।
---------- থমাচ দেবাৰ
৭) মনক লাঠিৰে স্পৰ্শ কৰা নাযায়, দয়া প্ৰেম আদি মানৱ মনৰ কোমল প্রবৃত্তিৰেহে মনক স্পৰ্শ কৰা যায়।
----------- ৰামকৃষ্ণ পৰমহংস
৮) সন্মান লাভতেই মৰ্য্যদা নিৰ্ভৰ নকৰে, সেই সন্মানৰ যোগ্য আমি হওঁনে নহওঁ তাৰ ওপৰতহে নিৰ্ভৰ কৰে।
-------- এৰিষ্টটল
৯) মানুহ কেনেকৈ মৰে সেয়া গুৰুত্বপূৰ্ণনহয়, কেনেকৈ জীয়াই থাকে সেয়াহে আচল কথা।
--------- ড° জনচন
১০) পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজে ঠগাব পৰা লোকজন হ’ল নিজেই। --------- - বলুৱাৰ লিটন
১১) জ্ঞানীলোকে অসম্ভৱৰ ফালে ধাৱিত নহয়।
------------ মেচিজাৰ
১২) ভূল নকৰা মানুহ যে বিজ্ঞ সেইটো নহয়। এই ধৰণৰ মানুহ নাই আৰু থাকিবও নোৱাৰে যি খুব গুৰুতৰ ভুল নকৰে আৰু কৰিলেও সহজে, সোনকালে শুধৰাব পাৰে। যিজনে পাৰে তেওঁৱেই বিজ্ঞ।
-----------– লেনিন
১৩) তুমি যদি জ্ঞানী হ’ব খুজিছা, তেন্তে প্রথমে জিভাক শাসন কৰা।
---------- লেভষ্টাৰ
১৪) যি জন মানুহে তেওঁৰ চিন্তা শক্তিৰ ব্যৱহাৰ নকৰে তেওঁ এটা পোহনীয়া পশু স্বৰূপ, আৰু যিজনে অপব্যৱহাৰ কৰে তেওঁৱেই হিংস্ৰ বনৰীয়া জন্তু ।
--------- লৰ্ড হালিফাক্স
১৫) মই চিন্তা কৰোঁ, সেইবাবেই মোৰ অস্তিত্ব আছে।
-------– ৰেনে ডেকার্টে
১৬) মানুহ হয় নিজে ভাগ হ'ব লাগিব, অথবা তেওঁ ভাল মানুহক অনুসৰণ কৰিব লাগিব
------ -ডিমক্রিটাছ
১৭) মানৱ জাতিৰ ইতিহাস মহাপুৰুষ সকলৰ জীৱন কাহিনী মাথোন।
------------ কাৰ্লাইল
১৮) কৌশল অবিহনে একোকে শিকিব পৰা নাযায়।
----------ডিজৰেলী
১৯) নিজৰ দুৰ্বলতাখিনিৰ বাহিৰে আন কাকো খং নকৰিবা। -
------------ মেহেৰ বাবা
২০) কু-কৰ্মৰ আৰম্ভখিনি ৰাতিপুৱাৰ দৰেই উজ্জ্বল ফলাফল কিন্তু সামৰণিখিনি সন্ধ্যাৰ দৰেই অনুজ্জ্বল, অন্ধকাৰ।
--------- চক্ৰেটিছ
২১) পৃথিৱীৰ সকলোতকৈ বেয়া কাম হৈছে আনৰ সুনাম নষ্ট কৰা ।
--------- ৰামকৃষ্ণ পৰমহংস
২২) বিনা চিন্তাই কৰা অধ্যয়ন মাথোঁ পশুশ্রম।
---------- কনফুচিয়াচ
২৩) পাৰিলে ভাল কথা আলোচনা কৰিবা, নহ'লে মনে মনে থাকিবা।
----------- পাইথাগোচ
২৪) জ্ঞানতকৈ ন্যায়পৰায়ণতা উৎকৃষ্ট ।
-------- চফোক্লিচ
২৫) চৰিত্ৰৰ সৰলতা হ’ল গভীৰ স্বাভাৱিক পৰিশ্ৰম।
----------- হেজলিট
২৬) মানুহ হোৱাৰ অৰ্থই হৈছে দায়িত্বশীল হোৱা ।
------------- এতোঁৱাদ্যাচাত এজুপেৰি
২৭) বেয়া মানুহে শাস্তিৰ ভয়ত পাপক ঘিন কৰে, কিন্তু ভাল মানুহে সততাৰ প্ৰতি প্ৰেমৰ কাৰণেহে পাপক ঘিন কৰে।
---------জু ডেনাল
২৮) বেছি অধিকাৰ দাবী কৰাও উচিত নহয়, কাৰণ শেষলৈ ইয়াৰ সীমাসংখ্যা নোহোৱা হ'ব পাৰে।
--------- ৰুছো
২৯) বহল অৰ্থত সকলো অভিজ্ঞতাই শিক্ষা ।
-------– শিক্ষাবিদ লড়।
0 Comments
Comment