প্ৰশ্ন: ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল?
উত্তৰ : ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে।
প্ৰশ্ন: স্বাধীনতাৰ পিছত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহ কি কি আছিল?
উত্তৰ:স্বাধীনতাৰ পিছত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বান সমূহ আছিল -
ক) জাতি নিৰ্মাণ
খ) জাতীয় ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰা
গ) গণতন্ত্ৰ প্ৰতিস্থা কৰা।
প্ৰশ্ন: নিৰ্বাচন আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ: ১৯৫০ চনৰ জানুৱাৰী মাহত।
প্ৰশ্ন: ভাৰতৰ সংবিধান খন কেতিয়া গৃহীত হৈছিল?
উত্তৰ: ১৯৪৯ চনৰ ২৬ নৱেম্বৰত।
প্ৰশ্ন: ভাৰতৰ সংবিধান খন কেতিয়া বলবৎ হৈছিল?
উত্তৰ: ১৯৫০ চনৰ ২৬ জানুৱাৰী ত।
প্ৰশ্ন: ভাৰতৰ প্ৰথম মুখ্য আয়ুক্ত গৰাকীৰ নাম লিখা।
উত্তৰ: সুকুমাৰ সেন।
প্ৰশ্ন: নিৰ্বাচন আয়োগৰ সন্মুখত দেখা দিয়া দুটা প্ৰত্যাহ্বান সম্পৰ্কে লিখা।
উত্তৰ: নিৰ্বাচন আয়োগৰ সন্মুখত দেখা দিয়া দুটা প্ৰত্যাহ্বান হৈছে -
ক) সমষ্টি নিৰ্ধাৰণ কৰা।
খ) ভোটাৰ তালিকা প্ৰস্তুত কৰি তোলা।
প্ৰশ্ন: মৌলানা আবুল কালাম আজাদৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ: আবুল কালাম আজাদ এজন মুছলিম পণ্ডিত, মুক্তি যোদ্ধা, কংগ্ৰেছ নেতা আছিল। তেওঁ হিন্দু - মুছলিম একতাৰ সমৰ্থক আছিল, যিয়ে বিভাজনক বিৰোধীতা কৰিছিল। তেওঁ সংবিধান সভাৰ সদস্য আৰু স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল ।
প্ৰশ্ন: ৰাজকুমাৰী অমৃত কৌৰ ৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ: ৰাজকুমাৰী অমৃত কৌৰ এগৰাকী গান্ধীবাদী আৰু মুক্তি যোদ্ধা আছিল । তেওঁ সংবিধান সভাৰ এগৰাকী সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্য মন্ত্ৰী আছিল।
প্ৰশ্ন: কেতিয়া সমগ্ৰ দেশে E.V.M. ব্যবহাৰ কৰে?
উত্তৰ: ২০০৪ চনত।
প্ৰশ্ন: প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত দ্বিতীয় স্থান দখল কৰা দলটোৰ নাম কি আছিল?
উত্তৰ: ভাৰতীয় কমিউনিষ্ট পাৰ্টি।
প্ৰশ্ন: ৰফি আহমেদ কিডৱাই ৰ বিষয়ে লিখা।
উত্তৰ: ৰফি আহমেদ কিডৱাই উত্তৰ প্ৰদেশৰ কংগ্ৰেছ নেতা আছিল। তেওঁ ১৯৩৭ চনত আৰু ১৯৪৬ চনত মন্ত্ৰী হিচাপে নিয়োজিত হৈছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম যোগাযোগ মন্ত্ৰী আছিল।তেওঁ খাদ্য আৰু কৃষি মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
প্ৰশ্ন: ভাৰতৰ প্ৰথম সৰ্ব ভাৰতীয় ৰাজনৈতিক দলটো কি?
উত্তৰ: ভাৰতীয় জাতীয় কংগ্ৰেছ।
প্ৰশ্ন: ভাৰতৰ প্ৰথম ৰাজনৈতিক দলটো কেতিয়া গঠন হৈছিল?
উত্তৰ: ১৮৮৫ চনত।
প্ৰশ্ন: ভাৰতৰ দ্বিতীয় ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰ: মুছলিম লীগ।
প্ৰশ্ন: হিন্দু মহাসভা কেতিয়া গঠন হৈছিল?
উত্তৰ: ১৯১৬ চনত।
প্ৰশ্ন: এ কে গোপালন ৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: এ কে গোপালন কেৰালাৰ এজন সাম্যবাদী নেতা। তেঁও প্ৰথমতে কংগ্ৰেছ কৰ্মী আছিল যদিও ১৯৩৯ চনত সাম্যবাদী দলত যোগদান কৰে। কিন্তু ১৯৬৪ চনত সাম্যবাদী দল বিভক্ত হোৱাত মাৰ্ক্সবাদী সাম্যবাদত যোগদান কৰে । আকৌ ১৯৫২ চনত তেওঁ সংসদৰ সদস্য হয়।
প্ৰশ্ন: ভাৰতৰ দলীয় ব্যৱস্থাৰ প্ৰকৃতি সম্পৰ্কে লিখা।
উত্তৰ: ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাজনৈতিক দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ৰাজনৈতিক দল আৰু গণতন্ত্ৰক এটা মুদ্ৰাৰ দুটা পিঠি বুলি কব পাৰি ।
তলত ভাৰতীয় দলীয় ব্যৱস্থাৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা হ'ল -
ক) বহুদলীয় ব্যৱস্থা: ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থা বহুদলীয় ব্যৱস্থা। ভাৰতীয় দলীয় ব্যৱস্থাত সৰ্বভাৰতীয় আৰু আঞ্চলিক বিভিন্ন দলৰ প্ৰাদুৰ্ভাৱ থকা দেখা যায়।
খ) আদৰ্শৰ ওপৰত বিশ্বাস: ভাৰতৰ ৰাজনৈতিক দলসমূহৰ উৎপত্তি সাধাৰণতে কিছুমান আদৰ্শৰ ওপৰত ভিত্তি কৰি হোৱা দেখা যায়। উদাহণস্বৰূপে, সমাজবাদী দলৰ কথাকে উল্লেখ কৰিব পাৰি , যিটো সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি গঠিত হৈছে।
0 Comments
Comment