অৰ্থনৈতিক উন্নয়ন

অৰ্থনৈতিক উন্নয়ন




প্ৰশ্ন:অৰ্থনৈতিক বিকাশ বুলিলে কি বুজা ?

উত্তৰ:   অর্থনৈতিক বিকাশ হ’ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। এটা বিত্তীয় বছৰত (অর্থাৎ ১ এপ্ৰিলৰপৰা ৩১ মাৰ্চলৈ) দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্রাগত মূল্যই হ’ল জাতীয় আয়।

 


প্ৰশ্ন: জনমূৰি আয় কি?

উত্তৰ: জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমূৰি আয় পোৱা যায়।



প্ৰশ্ন: মানৱ উন্নয়ন কি?

উত্তৰ: মানৱ উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন - ধাৰণৰ মানদণ্ড, আৰ্থ - সামাজিক, ৰাজনৈতিক পৰিবেশ আদিৰ উন্নয়ন বুজায়।


প্ৰশ্ন: অথনৈতিক বিকাশ হ'লেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব পাৰি নে?

উত্তৰ: নোৱাৰি। 


প্ৰশ্ন: অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ মাজত থকা পাৰ্থক্য বোৰ লিখা ।

উত্তৰ:অর্থনৈতিক বিকাশ আৰু অর্থনৈতিক উন্নয়নৰ মাজত থকা পাৰ্থক্য বোৰ হৈছে -

ক)অর্থনৈতিক বিকাশৰ অৰ্থ সীমিত; অর্থনৈতিক উন্নয়নৰ অৰ্থ বহল।

খ) অর্থনৈতিক বিকাশ হ’লেই অর্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি কিন্তু অর্থনৈতিক উন্নয়ন হ'ব লাগিলে অর্থনৈতিক বিকাশ হ’ব লাগিব। অর্থনৈতিক বিকাশ অর্থনৈতিক উন্নয়নৰ অংশ মাত্র।

গ)  যেতিয়া সামগ্ৰীৰ মূল্যবৃদ্ধি হয় তেতিয়া একেখিনি সামগ্ৰীৰ মুদ্ৰাগত মূল্য অধিক হ'ব আৰু জাতীয় আয় বৃদ্ধি হোৱাটো সূচাব। কিন্তু ই অর্থনৈতিক উন্নয়নৰ কথা নুসূচায়।


 প্ৰশ্ন: কি কি কাৰণত  জনমূৰি আয় দেশ এখনৰ অর্থনৈতিক উন্নয়নৰ নিৰ্ভৰযোগ্য সূচক হ’ব নোৱাৰে?

 উত্তৰ: জাতীয় উৎপাদন বৃদ্ধি যদি বিলাসৰ সামগ্ৰী, নিচাযুক্ত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে হৈছে অথচ নিত্য ব্যৱহাৰ্য সামগ্ৰী বৃদ্ধি হোৱা বাবে নহয়, তেনেহ'লে সেই বৃদ্ধি অর্থনৈতিক উন্নয়ন হ'ব নোৱাৰে। ঠিক সেইদৰে উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে প্রাকৃতিক সম্পদৰাজি যদি জধেমধে ব্যৱহাৰ কৰা হৈছে আৰু তাৰ ফলস্বৰূপে পৰিৱেশ দূষিত হৈছে আৰু দূষিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে তেনেহ'লে তেনে অর্থনৈতিক বিকাশ অর্থনৈতিক উন্নয়ন হ’ব নোৱাৰে। তদুপৰি সা-সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি নোহোৱাকৈয়ো জাতীয় আয় বৃদ্ধি হ’ব পাৰে। যেতিয়া সামগ্ৰীৰ মূল্যবৃদ্ধি হয় তেতিয়া একেখিনি সামগ্ৰীৰ মুদ্ৰাগত মূল্য অধিক হ'ব আৰু জাতীয় আয় বৃদ্ধি হোৱাটো সূচাব। কিন্তু ই অর্থনৈতিক উন্নয়নৰ কথা নুসূচায়।


 প্ৰশ্ন:প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন  কেতিয়া প্রকাশ কৰা হয় ?

উত্তৰ: ১৯৯০ চনত প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ কৰা হয়।


প্ৰশ্ন: UNDP সম্পুৰ্ন নাম কি?

উত্তৰ:ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme)


প্ৰশ্ন:মানৱ উন্নয়নৰ সূচক তিনিটা কি কি ?

উত্তৰ:মানৱ উন্নয়নৰ সূচক তিনিটা হৈছে -

(১) প্রত্যাশিত আয়ুস: জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোৱেই হ’ব প্রত্যাশিত আয়ুস।

(২) শিক্ষা :শিক্ষাৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্রাথমিক, মাধ্যমিক আৰু অন্যান্য প্রশাখাসমূহৰ সৰ্বমুঠ নামভৰ্তিকৰণৰ অনুপাত নির্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শিক্ষাৰ বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা হয়। অনুন্নত দেশৰ তুলনাত উন্নত দেশত শিক্ষা ব্যৱস্থা অধিক উন্নত।

(৩) জীৱন-যাত্ৰাৰ মান: মানৱ উন্নয়নৰ তৃতীয়টো সূচক হৈছে জীৱন-যাত্ৰাৰ মান। দৰিদ্ৰতা, অনুন্নত শিক্ষা ব্যৱস্থা আৰু প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ অভাৱে জীৱন-যাত্ৰাৰ মান উন্নীতকৰণত বাধাৰ সৃষ্টি কৰে।


প্ৰশ্ন: মানৱ উন্নয়নৰ মধ্যবিন্দু কি?

উত্তৰ: জনসাধাৰণ । 

 


 প্ৰশ্ন: অর্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য কি? 

উত্তৰ: অর্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য হ’ল এয়ে যে অর্থনৈতিক বিকাশে কেৱল মাত্ৰ এটা পছন্দৰ উল্লেখ কৰিছে আৰু সেইটো হৈছে আয় কিন্তু মানৱ উন্নয়নৰ ধাৰণাটোৱে সামূহিক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই সমষ্টিগত পছন্দই অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লৈছে। দেশ এখনৰ 'প্ৰকৃত সম্পদ হ’ল দেশখনৰ জনসাধাৰণ আৰু সেয়ে পণ্য উৎপাদনৰ ওপৰতেই অধিক গুৰুত্ব প্ৰদান কৰিলে জনসাধাৰণৰ জীৱন সমৃদ্ধ কৰাৰ লক্ষ্যটো বৈশিষ্ট্যহীন হৈ পৰিব— মানৱ উন্নয়নৰ ধাৰণাটোৱে মানুহৰ সামূহিক অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাপনৰ মান বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।


 প্ৰশ্ন:২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ কি তিনিটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰ: ২০১০ চনৰ মানৱ উন্নয়ন প্রতিবেদনখনত মানৱ উন্নয়নৰ  তিনিটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। সেইকেইটা হ'ল–

 (১) বৈষম্য সাপেক্ষ মানৱ উন্নয়ন সূচকাংক: ইয়াত  মানৱ উন্নয়নৰ প্ৰভাৱ বিভিন্ন শ্ৰেণীৰ লোকৰ ওপৰত কিদৰে পৰিছে সেইটো নিৰ্ণয় কৰে।

 (২) লিংগ বৈষম্য সূচকাংক :ই মানৱ উন্নয়নৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা প্রতিফলিত কৰে।

 (৩) বহুমাত্ৰীয় দৰিদ্ৰ সূচকাংক (multidimensional poverty index) : ই দৰিদ্ৰতাৰ বহুৰূপী চৰিত্ৰ দাঙি ধৰে। এই সূচকাংকই ব্যক্তি, পৰিয়াল আৰু তাতোকৈ বৃহৎ গোষ্ঠীৰ লোকসকল কিদৰে আৰ্থ-সামাজিক সুবিধাসমূহৰপৰা বঞ্চিত হ'বলগীয়া হয় তাৰ ইংগিত বহন কৰে।


প্ৰশ্ন: অৰ্থনৈতিক পৰিকল্পনা কি?

উত্তৰ:নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্রীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদর্শনেই হ'ল অর্থনৈতিক পৰিকল্পনা।



প্ৰশ্ন: পঞ্চবার্ষিক পৰিকল্পনা বুলিলে কি বুজা ?

উত্তৰ: প্রতি পাঁচ বছৰৰ মূৰে মূৰে যুগুত কৰা পৰিকল্পনা হ’ল পঞ্চবার্ষিক পৰিকল্পনা।




 প্ৰশ্ন:আমাৰ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ কি কি ?

উত্তৰ:আমাৰ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ হৈছে -

 ক) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্রতৰ কৰা, 

 খ)আৰ্থ-সামাজিক বৈষম্য দূৰ কৰা,

 )দৰিদ্ৰতা নিৰ্মূল কৰা,

  ঘ) নিয়োগৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা,    ঙ)আঞ্চলিক বৈষম্য আঁতৰ কৰা,    

  চ) পৰিৱেশ দষিতকৰণ ৰোধ কৰা,

ছ ) আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা ইত্যাদি। 



ভাৰতবৰ্ষৰ পৰিকল্পনাসমুহ :


 

 পৰিকল্পনা

 সময়ছোৱা

 প্ৰথম

 

 দ্বিতীয় 

 

 তৃতীয়

 

  তিনিখন বাৰ্ষিক পৰিকল্পনা 

 

 চতুৰ্থ

 

পঞ্চম 

 

 দুখন বাৰ্ষিক পৰিকল্পনা 

 

 ষষ্ঠ 

 

 সপ্তম

 

 দুখন বাৰ্ষিক পৰিকল্পনা 

 

 অষ্টম

 

 নৱম

 


  প্ৰশ্ন: কোনখন  চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰিছে ? 

উত্তৰ: ২০১৪ চনত গঠিত' নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত NITI আয়োগ গঠন কৰিছে। 


প্ৰশ্ন:   NITI আয়োগৰ সম্পুৰ্ন নাম কি?

উত্তৰ: ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান(National Institute for Transforming India Aayog or NITI)।


প্ৰশ্ন: NITI আয়োগ কেতিয়া  গঠন কৰা হৈছিল?

উত্তৰ: ২০১৫ চনৰ ১ জানুৱাৰীত ।


প্ৰশ্ন : NITI আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ:৮ ফেব্ৰুৱাৰী ২০১৫ চনত।

প্ৰশ্ন: NITI আয়োগৰ অধ্যক্ষ কোন?

উত্তৰ:  প্রধানমন্ত্রী ।


প্ৰশ্ন : NITI আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰ:দিল্লীত ।


 প্ৰশ্ন :   NITI আয়োগৰ সদস্যসকল কোন কোন?

উত্তৰ:NITI আয়োগৰ  অন্যান্য সদস্যসকল হ’ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, ৪ গৰাকী কেন্দ্রীয় মন্ত্রী, মুখ্য কার্যবাহী বিষয়া আৰ বিশেষজ্ঞসকল।


  প্ৰশ্ন :  গণতান্ত্রিক পৰিকল্পনা কি?

উত্তৰ:   যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পর্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয়। সেই পৰিকল্পনাই হ’ল গণতান্ত্রিক পৰিকল্পনা। 


 প্ৰশ্ন :ভাৰতীয় প্ৰশাসন ব্যৱস্থাত কি কি স্তৰ আছে ?

উত্তৰ: ভাৰতীয় প্ৰশাসন ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহ (যেনে পঞ্চায়ত আৰু নগৰ পালিকা) — এই তিনিটা স্তৰ আছে ।


প্ৰশ্ন: ভাৰতীয় পৰিকল্পনাক কিয় তৃণমূল পর্যায়ৰ পৰিকল্পনা 'বুলি অভিহিত কৰিব পাৰি?

উত্তৰ:ভাৰতীয় প্ৰশাসন ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহ (যেনে পঞ্চায়ত আৰু নগৰ পালিকা) — এই তিনিওটা পৰ্যায়ত ৰাইজৰ প্ৰতিনিধিসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া হয় ।প্রশাসন ব্যৱস্থাৰ একেবাৰে নিম্ন পর্যায়তো ৰাইজৰ প্রতিনিধিসকল স্থানীয় অভাৱ অভিযোগৰ ভিত্তিত পৰিকল্পনা যুগুতকৰণ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ পৰে বাবে এই পৰিকল্পনাৰ তৃণমূল পর্যায়ৰ পৰিকল্পনা 'বুলি অভিহিত কৰিব পাৰি।


প্ৰশ্ন: অৰ্থনৈতিক বিকাশে অৰ্থনৈতিক উন্নয়ন বুজাইনে? যদি‌ নুবুজাই ইয়াৰ কাৰণসমূহ বহলাই ব্যাখ্যা কৰা?

উত্তৰ: অৰ্থনৈতিক বিকাশে অৰ্থনৈতিক উন্নয়ন নুবুজাই। 

অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। অৰ্থনৈতিক বিকাশ এটা সংকীৰ্ণ ধাৰণা। অৰ্থনৈতিক বিকাশে দেশ এখনৰ সামগ্ৰিক বিকাশক নুবুজাই। ই কেৱল মাত্ৰ এটা পছন্দৰ উল্লেখ কৰিছে আৰু সেইটো হৈছে আয়।

আকৌ , অৰ্থনৈতিক উন্নয়নে দেশ এখনৰ সামগ্ৰিক বিকাশক বুজাই । অৰ্থনৈতিক উন্নয়নে মানৱৰ সামূহিক পছন্দৰ উপৰত গুৰুত্ব আৰোপ কৰিছে।  মানুহৰ সামূহিক অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন - যাপনৰ মান বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটোৱে ব্যক্তিৰ স্বাস্থ্য, শিক্ষা, সামাজিক বিকাশ আদিৰ উপৰত গুৰুত্ব দিয়ে।

সেয়েহে , ক'ব পাৰি যে অৰ্থনৈতিক বিকাশে অৰ্থনৈতিক উন্নয়ন নুবুজাই। 









 

Post a Comment

0 Comments