অসমীয়া কবিতা
অক্কণমানিৰ গান
মা, মই আজি
সোণ বৰণৰ
সপোন দেখিলোঁ
তোৰ আঙুঠিৰ ৰঙা বাখৰ
পাখি পিন্ধি উৰা দেখিলোঁ।
মা, অ' মা
তোৰ যে মা
ৰঙা বগা হালধীয়া
কেচৰছীয়া
ৰিহা এখন আছিল
তাৰ নিচিনা
চৰাই এটাই
মোৰ কাষলৈ আহিল ।
মা, অ' মা
মই টুক বুলিলে
সি কুতুক্ কুতুক্ কৰে
আৰু ঘূৰ বুলিলে
লৰ-মাৰি গৈ ফুৰ-ফুৰকৈ উৰে
বুইছ’ মা, তাৰ চকু দুটা
ঠিক, তোৰ আঙুঠিৰ বাখৰ
আৰু গোটেই গাতে অঁকা বঁকা
সোণৰ-ৰূপৰ আখৰ।
কবি— জ্যোতিপ্ৰসাদ আগৰৱালা
Comments
Post a Comment
Comment