অসমীয়া কবিতা
ককা আৰু নাতি-ল’ৰা
ককা আৰু নাতি-ল’ৰা একেলগে বহি
সাজিছে বালিৰ ঘৰ দুয়ো হাঁহি হাঁহি।
পোনাটি পুৱাৰ যেন প্রথম কিৰণ
আনজন সন্ধিয়াৰ হেঙুলী ৰহণ।
হাঁহি হাঁহি পোনাটিয়ে কয় উলাহেৰে
“সাজিম ইয়াতে ঘৰ অতি যতনেৰে
থাকিব ইয়াতে মোৰ হাতী-ঘোঁৰা যত,
লগুৱা-লিগিৰী আৰু বয়-বস্তু কত।
চাৰিওফালে ওখ ওখ ঢাপ তুলি মই
ৰাখিম ঘৰটি মোৰ চোৰ নহাকই
মাজত ফুলনিখনি জেউতি চৰাব,
বাটৰুৱা ভোল গই ৰৈ ৰৈ চাব।”
কবি—যতীন্দ্ৰ নাথ দুৱৰা
Comments
Post a Comment
Comment