অসমীয়া কবিতা
পিঠাৰ মেল
অকমানিহঁতৰ ভঁৰালী কোঠাত
বিহু উৰুকা ৰাতি
পাচিত বহি পিঠাবোৰে
আছিল কথা পাতি।
চুঙা পিঠাই মাতিলে ঘপৰাই
“খোলাচাপৰীয়া বাই!
দেশৰ কথা,দহৰ কথা
শুনিছনে নাই?
টপাটপ ৰসৰ গোল্লা
মুখত সুমাব পাই
লাৰু আৰু পিঠাবোৰক হায়
ঘিণৰ চকুৰে চায়।
পিঠাৰ এই ঘোৰ অপমান
তালৈ কোনে কৰে কাণ,
এইদৰে হ'লে আমি বেছি দিন
জীয়াই থকাই টান।”
এই দেশত আৰু বেছি দিন
নাই আমাৰ ভাত”
“কিয় কৱ তেনে দুখলগা কথা?”
সুতুলীয়ে দিলে মাত।
ফেনি পিঠায়ে দিলে উত্তৰ
ফেন উলিয়াই—
“হওঁতে আমাৰ চুঙা বোপাই
মিছা কোৱা নাই।
আজিকালি আৰু অকমানিয়ে
নাপায় আমাক চিনি,
লুচি লাগে, বিস্কুট লাগে,
লাগে চাহ পানী।
কবি ---- অতুলচন্দ্ৰ হাজৰিকা
Comments
Post a Comment
Comment