মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম


                  ইতিহাস 


মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম :



 ১) প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল?


উত্তৰ: ১৯১৪ চনত ।


২) মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি?


উত্তৰ: মোহন দাস কৰমচাদ গান্ধী ।


৩ ) প্ৰথম বিশ্বযুদ্ধত মিত্ৰশক্তিক কোনে সমৰ্থন কৰিছিল?


উত্তৰ: ব্ৰিটেইন , আমেৰিকা আৰু ফ্ৰান্স।



৪) প্ৰথম বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিল?


উত্তৰ: ১৯১৮ চনত ।


৫) প্ৰথম বিশ্বযুদ্ধত কোনটো শক্তি জয়ী হৈছিল?


উত্তৰ: মিত্ৰ শক্তি।


৬) ৰুছ বিপ্লৱ কেতিয়া হৈছিল?


উত্তৰ: ১৯১৭ চনত ।


৭) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ লগতে আৰু কত কত  জনসাধাৰণক নেতৃত্ব দি নিজকে প্ৰতিষ্ঠিত কৰিছিল?


উত্তৰ: চম্পাৰণ , আহমেদাবাদ আৰু খেড়াত।


৮) মহাত্মা  গান্ধীয়ে কেতিয়া দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল?


উত্তৰ: ১৮৯৩ ।


৯) মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল ?


উত্তৰ: ১৮৬৯ চনৰ ২ অক্টোবৰ তাৰিখে।


১০) কেতিয়া  মহাত্মা গান্ধীয়ে আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল?

উত্তৰ: ১৮৮৮ চনত ।


১১) কেতিয়া মহাত্মা গান্ধীয়ে ব্যাৰিষ্টৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল ? 


উত্তৰ: ১৮৯১ চনত ।


১২) কেতিয়া মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ নাটাললৈ গৈছিল?


উত্তৰ: ১৮৯৩ চনত।


১৩) কোনে নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটোৰ জন্ম দিছিল?


উত্তৰ: মহাত্মা গান্ধীয়ে।



১৪) 'ইণ্ডিয়ান অপিনিয়ন ' নামৰ  বাতৰি কাকতখন কোনে উলিয়াইছিল ?


উত্তৰ: মহাত্মা গান্ধীয়ে।


১৫) মহাত্মা গান্ধীয়ে অন্যায় অবিচাৰৰ বিপক্ষে কৰা সংগ্ৰামত প্ৰতিবাদী কাৰ্যসূচী হিচাপে কিহক অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল? 

 

উত্তৰ: অহিংসাক অস্ত্ৰ হিচাপে গ্ৰহণ কৰিছিল।



১৬) কোনখন আইন ৰ জৰিয়তে গান্ধীজীক কাৰাবাসৰ পৰা মুক্ত কৰি দিয়া হৈছিল?


উত্তৰ: ইণ্ডিয়ান ৰিলিফ এক্ট ৰ যোগেদি।


১৭) সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে কত পোন প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল?

উত্তৰ: দক্ষিণ আফ্ৰিকাত।


১৮) সত্যাগ্ৰহ শব্দটো কোন দুটা শব্দৰ পৰা আহিছে?


উত্তৰ: সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ এই দুটা শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা।


১৯) সত্যাগ্ৰহৰ ভিত্তি কি?


উত্তৰ: অহিংসা।


২০) সত্যাগ্ৰহ ৰ তাৎপৰ্য কি ?


উত্তৰ: জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কাৰ্য্যকলাপত আত্মনিয়োগ কৰা।


২১) গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কাৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল?


উত্তৰ: লিও টলষ্টয় আৰু থৰোৰ ।


২২) সত্যাগ্ৰহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।


উত্তৰ: সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ এই দুটা শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা।


গান্ধীজীয়ে ১৯১৮ - ১৯ চনত উত্তৰ বিহাৰৰ চম্পাৰণ , গুজৰাটৰ খেড়়া আৰু আহমেদাবাদত সংঘটিত হোৱা তিনিটা বিবাদ সমাধানৰ ক্ষেত্ৰত জৰিত হৈ পৰে।


ক) চম্পাৰণত তেওঁ ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্রদান কৰিছিল।


খ)  খেড়াত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল আৰু


 গ)আহমেদাবাদত বঞ্চিত মিল শ্রমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। এই প্ৰতিটো কাৰ্যসূচীতে তেওঁ ‘সত্যাগ্রহ’ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য'ত আদৰ্শ আছিল সত্য আৰু অহিংসা। এই আন্দোলনবোৰত জনগণৰ বৃহৎ অংশগ্রহণে গান্ধীক প্রকৃত শক্তি প্রদান কৰিছিল। 



২৩) ৰাওলাট আইনৰ বিষয়ে চমুকৈ লিখা।


উত্তৰ: ১৯১৭ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ছেমছফোর্ডে ন্যায়াধীশ চিডনি ৰাওলাটৰ অধ্যক্ষতাত বিদ্রোহী কার্যকলাপৰ প্রকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। প্রয়োজন সাপেক্ষে বিধান পালিকাক এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিবলৈও আয়োগক নির্দেশ দিয়া হৈছিল। এই আয়োগৰ পৰামৰ্শ মতে, চৰকাৰে ১৯১৯ চনত ৰাওলাট আইন প্রণয়ন কৰিছিল। উক্ত আইনখনে যিকোনো এজন মানুহকে বিনাবিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।



২৪) ৰাওলাট আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?


উত্তৰ: ১৯১৯ চনত।


২৫) গান্ধীজীৰ সত্যাগ্ৰহ আন্দোলনৰ বিষয় চমুকৈ লিখা।


উত্তৰ: ৰাৱলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে ১৯১৯ চনত সত্যাগ্রহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। গান্ধীজীৰ মতে সত্যাগ্রহ হ’ল ‘এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া।’ ১৯১৯ চনৰ ৬ এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল। সকলোৱে ব্যৱসায়-বাণিজ্য পৰিহাৰ কৰি অনশন আৰু প্রার্থনাত বহিছিল। লাহে লাহে এই আন্দোলনে এক বৃহৎ গণ-আন্দোলনত পৰিণত হৈছিল। এই আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূৰ্ণ সৰ্বভাৰতীয় নেতাৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হয়, যদিও লগে লগে মুক্তিও দিয়া হয়। চৰকাৰে এই গণ আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিছিল। 



২৬) গান্ধীজীৰ মতে , সত্যাগ্ৰহ কি ?


উত্তৰ: গান্ধীজীৰ মতে সত্যাগ্রহ হ’ল ‘এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া।’ 


২৭) জালিৱানৱালাবাগ ৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল?

উত্তৰ: ১৩ এপ্ৰিল , ১৯১৯ ত।


২৮) জালিৱানৱালাবাগ ৰ হত্যাকাণ্ড বিষয়ে চমুকৈ লিখা।


উত্তৰ: ১৯১৯ চনৰ ১৩ এপ্ৰিলত অমৃতসৰৰ জালিৱানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। তদানিন্তন নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াৰে উক্ত সভাখন অনুষ্ঠিত হোৱাত কোনো বাধা প্ৰদান কৰা নাছিল। সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ সকলো ফালেই ওখ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ এটা মাত্ৰ সৰু পথ আছিল। সভাখন অনুষ্ঠিত হৈ থাকোতেই হঠাতে জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায়, নিৰস্তু মানুহবোৰৰ ওপৰত নির্দয়ভাবে গুলি চলাবলৈ আৰম্ভ কৰিছিল। সেই নির্দয় গুলিচালনাত শ শ লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল। পঞ্জাৱত সামৰিক শাসন জাৰি কৰা হৈছিল। যধেমধে গ্ৰেপ্তাৰ কৰা, সম্পত্তি বাজেয়াপ্ত কৰা, লাঠি চালনা ইত্যাদিৰ দৰে অগণতান্ত্রিক দমননীতিৰে উক্ত সময়ছোৱাত জনসাধাৰণক হাৰাশাস্তি কৰা হৈছিল। চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত পঞ্জাৱৰ ঘটনা-প্ৰৱাহৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। লণ্ডনত ব্ৰিটিছ চৰকাৰে জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল ,কিন্ন্তু তেওঁক দোষ মুক্ত বুলিও ঘোষণা কৰা হৈছিল। গোটেই দেশখনতেই অসন্তুষ্টিৰ বতাহ বলিছিল। জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা ‘নাইট’ উপাধি পৰিত্যাগ কৰিছিল।


২৯) কোনে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল?


উত্তৰ: ৰবীন্দ্ৰনাথ ঠাকুৰে।


৩০) ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল?


উত্তৰ: জালিৱানৱালাবাগ ৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ।


Post a Comment

0 Comments