অমৰ বাণী :
১) মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে - ---------- বুদ্ধদেৱ
২) বন্দুকৰ গুলীৰে কোনোৱে আদৰ্শক হত্যা কৰিব নোৱাৰে। -জ্যোতিপ্ৰসাদ
৩) আত্ম শক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে।
------- অম্বিকাগিৰি ৰায়চৌধুৰী
৪) জ্ঞানীলোক এজনে নিজৰ আয়ৰ ওপৰত মিতব্যয়ী হৈ চলাৰ লেখীয়াকৈ নিজৰ বুদ্ধিৰ ওপৰতো মিতব্যয়ী হৈ চলে।
----------- লা ৰোশফুকু
৫) আমাৰ আছে অস্তিত্ব, আমাৰ আছে বীৰত্ব, আমাৰ আছে গঠন শক্তি। এই তিনিটাৰে আমাৰ অতি চেনেহৰ মাতৃভূমিক মুক্ত কৰি ৰাখিব পাৰিম।
----------------- মতিলাল নেহৰু ।
৬) প্ৰতিভাৰ নিৰানবৈ ভাগেই হ’ল অধ্যবসায়।
—টমাছ আলভা এডিছন ।
৭) আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথবা; কাৰণ কাইলৈ তোমাৰ অৱস্থা কি হ’ব তুমি নাজানা।
---------------হজৰত মহম্মদ ।
৮) যিজনে কিছু পৰিমাণে হ'লেও আনৰ কথা নাভাবে তেওঁ জীয়াই থকাটো অর্থহীন।
----------------- মণ্টেইন ।
৯) জীৱনটো এক সংগ্ৰামৰ থলি। সাহসী আৰু কৰ্মপটু জনেহেএই সংগ্ৰামত জয় লাভ কৰিব পাৰে।
----------------- নেপোলিয়ন।
১০) উৎকৃষ্টজনে নিন্দে নিজক, নিকৃষ্টজনে নিন্দে পৰক।
---------- কনফুচিয়াচ্ ।
১১) অলপ মুৰ্খামী, প্ৰচুৰ কৌতুহলেই হ’ল প্রথম প্রেম।
---------------------- জর্জ বার্ণডশ্ব ।
১২) যদি তুমি বন্ধু বিচৰা তেন্তে আনক অতিক্ৰম কৰিবলৈ দিয়া আৰু যদি শত্ৰু বিচৰা তেন্তে তুমি আনক অতিক্রম কৰা।
-------------- কলটন ।
১৩) ভাল অনুকৰণতেই প্রকৃত মৌলিকত্ব লাভ কৰে।
------------------– ভল্টেয়ৰ ।
১৪) অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল। মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যৱসায় জন্মে।
----------- সত্যনাথ বৰা ।
১৫) অহিংসা আৰু প্ৰেমৰ পথ অনুসৰণ কৰিলেহে শান্তি আহিব।
----------— মহাবীৰ ।
১৬) কোনো মানুহক সম্পূৰ্ণৰূপে অনুকৰণ নকৰিবা। প্রত্যেক মানুহৰে সৎগুণ যেনেকৈ আছে, অসৎ গুণো আছে। অসৎখিনি বাদ দি সৎগুণখিনি বাছি লব পৰাটোতহে মানৱতাৰ কৃতিত্ব।
---------------- হেম বৰুৱা ।
১৭) পিতৃ-মাতৃৰ অজ্ঞনতা ল’ৰা ছোৱালীৰ কোমল মন 'বিকাশৰ হেঙাৰ স্বৰূপ আৰু শেষত আত্ম অজ্ঞানতা অনুতপ্তত পৰ্য্যৱশিত হয়।
-------------- চক্ৰৱৰ্ত্তী ৰাজা গোপালাচাৰী ।
১৮) অপমানতকৈ ঘৃণাৰ পাত্ৰ হোৱাটো বেচি বেয়া। অপমানিতজন স্বজন আৰু আন মানুহৰ হস্তগত হয়; কিন্তু ঘৃণীতজন সন্মুহিত হয়।
--------------- কৌটিল্য।
১৯) দুর্দশাগ্রস্ত হোৱাতকৈ অশান্তি হোৱাটো শ্ৰেষ্ঠতৰ নহয়।
---------- – ড্রাইডেন ।
২০) অসম্ভৱ কথাটো মূৰ্খৰ অভিধানতহে পোৱা যায়। পৃথিৱীত অসম্ভৱ বুলি কোনো কামেই থাকিব নোৱাৰে।
------------ - নেপোলিয়ন বোনাপাৰ্ট ।
২১)অহংকাৰী মানুহবোৰ কুকুৰাৰ দৰে। কুকুৰাই ভাবে যে সি ডাক দিয়াৰ কাৰণেহে ৰাতি পুৱাল ৷
--------------------জর্জ ইলিয়ট
২২)সংগ্ৰামহীন জীৱন জীৱনেই নহয়। সংগ্রাম বা সংঘাটে মানুহক যি মনোবল আৰু প্ৰেৰণা যোগায় সেই প্ৰেৰণাৰে মানুহে অসাধ্যও সাধন কৰে।
-----------– নেপোলিয়ন
২৩)আত্মনিন্দা কৰিব জানিলে পৰনিন্দাৰ পাকত নপৰে৷
----------স্বামী বিবেকানন্দ ।
২৪) মাথোন এজনকেই আজীৱন ভাল পাই থাকিব পাৰিম বুলি কোৱাটো একেডাল মমবাতিয়েই চিৰকাল জ্বলি থাকিব বুলি কোৱা কথাষাৰৰ নিচিনা।
--------------- লিও টলষ্টয়
২৫) আত্ম প্ৰশংসাকাৰীসকলক ভগৱানে ঘিণ কৰে।
--------------- ছেণ্টক্লিমেন্ট
২৬) নিৰক্ষৰতা মানেই জ্ঞানবিহীনতা নহয়।
----------ৰবীন্দ্ৰনাথ ঠাকুৰ ।
২৭) মানুহৰ জীৱনত মস্কিলৰ কথা হ’ল এয়ে যে তেওঁ কেইটামান ঘণ্টাও নিজৰ সৈতে অকলে থাকিব নোৱাৰে।
---------- মণ্টেইন ।
২৮) বন্ধুত্ব হৈছে দুটা দেহত বাস কৰা এটা আত্মা।
----------– এৰিষ্টটল ।
0 Comments
Comment