পটভূমি:
'বিশ্ব জৈৱ-ইন্ধন দিৱস’ উপলক্ষে অহা ১০ আগষ্ট, ২০২২ৰ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়াণাৰ পাণিপতত স্থাপন কৰা ‘দ্বিতীয় প্ৰজন্ম(২জি)ৰ ইথানল প্ৰকল্প’টো ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব ।
ইয়াৰ প্ৰধান ব্যৱস্থাপনাবোৰ:
বছৰি প্ৰায় তিনিকোটি লিটাৰ ইথানল উত্পাদনৰ বাবে প্ৰকল্পটোত প্ৰায় দুইলাখ টন ধানৰ নৰা ব্যৱহাৰ কৰা হ’ব।
অতিৰিক্ত আয়ৰ সুযোগ প্ৰদানৰে জৈৱ-ইন্ধনৰ উত্পাদনে কৃষকসকলক সবল কৰি তুলিব ।
ই প্ৰতিবছৰে প্ৰায় তিনিলাখ টন পৰিমাণৰ ‘কাৰ্বন ডাই অক্সাইড গেছ’ৰ সম হাৰৰ নিৰ্গমণো হ্ৰাস কৰাত অৰিহণা আগবঢ়াব।
ভাৰতীয় তেল নিগম লিমিটেড’-য়ে ৯০০ কোটিৰো অধিক টকা ব্যয়ৰে ‘২জি ইথানল প্ৰকল্প’টো নিৰ্মাণ কৰি উলিয়াইছে আৰু ই পাণিপত শোধনাগাৰৰ নিকটবৰ্তি।অত্যাধুনিক থলুৱা প্ৰযুক্তিৰ ভিত্তিত নিৰ্মিত প্ৰকল্পটোৱে বছৰি প্ৰায় তিনিকোটি লিটাৰ ইথানল উত্পাদনৰ বাবে প্ৰায় দুইলাখ টন ধানৰ অৱশিষ্ট ব্যৱহাৰ কৰি ভাৰতে গ্ৰহণ কৰা ‘আৱৰ্জনাৰ পৰা সম্পদ আহৰণ’ৰ প্ৰয়াসৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব।
ইয়াৰ প্ৰধান সুবিধাসমূহ:
১)অধিক ক্ৰয়সাধ্য,
২)সকলোৱে পাব পৰা,
৩)পাৰদৰ্শী আৰু বহণক্ষম কৰি তুলি শক্তিখণ্ডৰ ৰূপান্তৰ সাধন।
৪)কৃষিজাত সামগ্ৰীৰ অৱশিষ্টৰ সদ্ব্যৱহাৰৰে কৃষকসকলকো ই এক অতিৰিক্ত আয়ৰ সুযোগ প্ৰদান কৰিব। এই প্ৰকল্পৰ সঞ্চালনৰে জড়িত কৰ্মচাৰীৰ প্ৰত্যক্ষ নিয়োজনৰ লগতে ইয়াৰ বাবে ধানৰ অৱশিষ্ট আদিৰ দৰে কেঁচামাল সংগ্ৰহৰ দৰে কাম-কাজত পৰোক্ষ নিয়োজনৰ সুযোগ সৃষ্টি কৰিব।
৫)প্ৰকল্পটো পনীয়া অপদ্ৰব্যৰ নিষ্কাশন শূণ্য হ’ব।
৬)ধানৰ নৰা আদি পোৰাৰ হাৰ কমাই প্ৰকল্পটোৱে প্ৰতিবছৰে প্ৰায় তিনিলাখ টন পৰিমাণৰ ‘কাৰ্বন ডাই অক্সাইড গেছ’ৰ সম পৰিমাণৰ ‘গ্ৰীণহাউছ গেছ’ৰ নিৰ্গমণো হ্ৰাস কৰাত অৰিহণা আগবঢ়াব, যি দেশৰ পথসমূহৰ পৰা বছৰি প্ৰায় ৬৩,০০০খন গাড়ী প্ৰতিস্থাপনৰ সমতুল্য হ’ব বুলি কব পৰা যায়।
0 Comments
Comment