কানাইৰ চাতুৰী
একদিনা প্রতি ভকতবৎসল
কৃপাময় দেৱ হৰি ।
ৰজনী প্রভাতে শুতিয়া আছন্ত
মিছা অপমান কৰি৷৷
সেহি সময়ত গোপ শিশু যত
আসি বোলে যশোদাক।
খেড়ি খেলাইবাক লাগয় সুন্দৰী
সত্বৰে কৃষ্ণক ডাক।।
শুনিয়া তেখনে নন্দৰ ঘৰণী
কৃষ্ণক ডাকিবে লৈলা ।
এত নিদ্ৰা কৰ কিসৰ ভাগৰ
আদিত্য উদয় ভৈলা।।
উঠিয়ো কৃষ্ণ হাৰলি বোপাই
ৰোষ তাপ তেজি মনে।
পুহাইল ৰজনী উঠা যদুমণি
বুলি ডাকে শিশুগণে।।
যশোদাৰ বাণী শুনি চক্রপাণি
বোলন্ত নমতা মাৱ।
তোহোৰ আতাই বোপাই বোলন্ত
নুজুৰাই মোৰ গাৱ।।
দিন চাৰি পাঞ্চ নুঠিবো নাখাইবো
নাযাইবো গোৰক্ষ স্থানে।
দুৰ্যশ কলঙ্ক দুখ সুমৰন্তে
নসহে মোৰ পৰাণে।।
মই নাৰায়ণ জগত কাৰণ
তুমি গোৱালৰ জীউ।
তথাপি তোহাক দেখন্তে ডৰত
উৰি যায় মোৰ জীউ।।
যত খাও দাও ততো শুকাই যাও
নাহি মোৰ উদ্গতি।
হাতমুষ্টি যেন কঙ্কালখানি যে
বান্ধত ছিগিল অতি৷৷
নিজ ৰূপে মই অনন্ত ব্রহ্মাণ্ড
স্ৰজি আছো লীলা কৰি।
সমস্তে জগত প্ৰতিপাল কৰি
আত্মাৰূপে আছো ধৰি।।
ব্ৰহ্মা আদি কৰি যত চৰাচৰ
মোক সেৱা কৰি যাই।
তোৰ ঘৰে আসি গৰু চাৰি ফুৰো
কৰকৰা ভাত খাই।।
নাৰায়ণ ৰূপে অনন্ত শয্যাত
জলত কৰি শয়ন।
নাভিপদ্ম হন্তে ব্ৰহ্ম উপজাইলো
স্ৰজিলো “তিনি ভুৱন।।
বেদক পঢ়াইলো তত্ত্বজ্ঞান কৈলো
অজ্ঞান কৰিলো দূৰ।
তোহোৰ ঘৰত যতেক ঐশ্বর্য
সবে ভৈল মষিমূৰ।।
অসুৰৰ ভয়ে পূর্বে দেৱগণে
চিন্তবে গৈয়া আমাক।
চতুর্ভুজ ৰূপে আসি তাৱক্ষণে
দেখা দিলো তাসম্বাক।।
মোৰ ৰূপ দেখি চমক লাগিল
ত্ৰিদশ পৰিল ঢলি।
আবে তুমি মোক বিগুটিয়া মাতা
কলীয়া কলীয়া বুলি৷
মোহনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।
কপিল স্বৰূপে কৰ্দ্দময় ঘৰে
হুয়া মই অৱতাৰ।
দেৱহুতি নামে মাতৃক তাৰিলো
কৰিও তত্ত্ব বিচাৰ।।
রামন স্বৰূপে বালিক ছলিবে
বিশ্বৰূপ দশাইলো।
চৰণৰ নখে কটাহ ফুটাইলো
গঙ্গাক আনি নমাইলো।।
সেহি পদজল শিৰত ধৰিল
মহেশ বাটত পাই।
আবে তুমি মোক বিগুটিয়া মাতা
দিয়া মাটি খোৱা দায়।।
আন যত মোৰ মহিমা আছয়
কহিবাক লাগে কিক।
মই হেন পুত্ৰক মাৱ বোলাইবাক
তোহোৰ আছোক ধিক।।
কিছু কিছু কৰি দেখিয়া আছাহা
তথাপি কৰা আক্রোশ।
এক ক্ষণিতেকে সুৰুতি উৰাইবো
নাথাকোক মোৰ দোষ।।
কাঠবাঁজী বুলি জগতে হাসয়
দেখিলে সুমৰো হৰি।
মই আসি তোৰ ঘৰে পুত্ৰ ভৈলো
সিটো দুখ দূৰ কৰি।।
তথাপি আমাৰ স্নেহ নজানস
নকৰ মোত বিশ্বাস।
আগেয়ে আছিল তেনয় কৰিবো
দিন চাৰি বাট চায়।।
মোহোৰ মুখত লাজ লাগে বৰ
তোহোৰ গুণ কহন্তে।
দুই ওঠ ফাটি তেজ বহি যায়
বাসৰ বংশী বজান্তে।।
ছয়ৰতি সোণাৰ বংশী গড়ায় নেদ
ৰাজ পটেশ্বৰী হুই।
ধনত লাগিবে জুই।।
গৰু জাক লাগি অন্ন দি পঠাস
সিয়ো হোৱে একমুঠি।
এক গ্রাস খাইলে আউৰ গ্ৰাসে নাটে
যাও আধাপেটে উঠি।।
গৰু আগুৰন্তে ধাতু যায় মোৰ
কণ্টক বনত বিন্ধি।
চৌপৰ দিনতো লবৰিয়া ফুৰো
নটুৱা টনাক পিন্ধি।।
কুটকুৰা চুলি পৰে গৰু-ধূলি
কুকুহা পৰিয়া যাই।
গুটাগুটি কৰি . জটা বান্ধিলেক
তৈল মাথে দেখা নাই।।
কথাক কহন্তে ক্রন্দন আসয়
যত অপমান পাওঁ।
যেবে তেও মই সি বাপুৰ পুত
তোক তেবে কন্দুৱাওঁ৷৷
কংস মামা মোৰ সাৰথি আছয়
আমাক নিব মতাই।
ইটো অপমান সকলে শুজিবো
মথুৰা পুৰীক যাই।।
দৈৱকী আইত মোৰ ঘৰ বুলি
থাকিবো তাহান পাশ।
আমাক দেখিবে লাগিয়া তোহাৰ
হৈব বৰ হাবিয়াস।।
কৃষ্ণৰ বচন শুনিয়া যশোদা
পুনু মাতে পাশ চাপি।
এৰ হাবিয়াস মোৰ মাথা খাস
নকান্দিবা মোৰ বাপি৷৷
মই অভাগীৰ ইবাৰ দোষক
মৰষিয়ো বনমালী।
আন কাল যদি দোষ দেখা মোৰ
পাৰিবাহা মোক গালি ।।
মাৱৰ কাৰুণ্য বচন শুনিয়া
সন্তোষিত ভৈল মন।
একে ডেৱে গৈলা কোলাত চড়িয়া
পিবাক লাগিলা স্তন।।
পৰম আনন্দে থাকিৱন্ত কৃষ্ণে
চাৰু দান্ত দৰ্শাই।
ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা
কৃষ্ণৰ বদন চাই।।
শ্ৰীধৰ কন্দলী
0 Comments
Comment