উপসৰ্গ
উপসৰ্গ ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ অংগ। অসমীয়া বিষয়ৰ পৰীক্ষাসমূহৰ বাবে উপসৰ্গ এক প্ৰয়োজনীয় অংশ । এই প্ৰবন্ধটোত উপসৰ্গ সম্পৰ্কে চমুকৈ আলোচনা কৰা হৈছে।
উপসৰ্গ কাক বোলে?
উত্তৰ: যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে , সেইবোৰক উপসৰ্গ বুলি কোৱা হয়।
সংস্কৃত ভাষাত উপসৰ্গ কুৰিটা । সেইসমূহ হৈছে -
সংস্কৃত ভাষাত উপসৰ্গ আৰু ইয়াৰ ব্যৱহাৰ:
১) প্ৰ: প্ৰস্থান , প্ৰসিদ্ধ, প্ৰকৃষ্ট ইত্যাদি।
২) পৰা: পৰাজিত , পৰায়ণ , পৰাভূত ইত্যাদি।
৩) অপ: অপকাৰ , অপমান , অপকৰ্ম , অপবাদ, অপযশ আদি।
৪) সম্ : সংগীত, সংযোগ, সংসাৰ আদি ।
৫) নি : নিবেদন , নিবাস , নিযুক্তি, নিপাত, নিমাত আদি ।
৬) অৱ: অৱদান, অৱতাৰ, অৱৰোধ, অৱজ্ঞা, অৱগতি আদি।
৭) অনু: অনুজ , অনুৰূপ, অনুমান , অনুচৰ আদি ।
৮) নিৰ : নিৰ্গত , নিৰ্মুক্ত, নিঃসংগ আদি।
৯) দুৰ : দুৰ্নাম, দুৰ্গম , দুৰ্বল , দুষ্ট , দুৰ্গন্ধ আদি।
১০) বি : বিপদ , বিয়োগ, বিপথ, বিবাহ, বিকল আদি।
১১) অধি: অধিকাৰ , অধিৰাজ , অধিপতি , অধিৰোহন , অধিবাসী আদি ।
১২) সু: সুলভ , সুগম , সুগন্ধ, সুশোভিত আদি ।
১৩) উৎ: উত্তীৰ্ণ, উন্নত , উৎকৰ্ষ, উদ্ধাৰ আদি ।
১৪) পৰি: পৰিয়াল , পৰিষ্কাৰ, পৰিচয়, পৰিণাম, পৰিহাৰ আদি ।
১৫) প্ৰতি : প্ৰতিকাৰ , প্ৰতিৰূপ , প্ৰতিকৃতি , প্ৰতিবেশী, প্ৰতিবাদী আদি ।
১৬) অভি : অভিমান, অভিজ্ঞান, অভিনৱ, অভিমুখ , অভিযান , অভিলাষ আদি ।
১৭) অতি : অতীত, অতিশয়, অতিক্ৰম, অতিৰিক্ত আদি ।
১৮) অপি: অপিনিধান , অপিনিহিত আদি ।
১৯) উপ: উপকাৰ , উপাসনা, উপকূল, উপস্থিত , উপনিষদ , উপনয়ন আদি ।
২০ ) আ : আদি , আভাষ , আনন্দ , আজি , আভৰণ আদি।
0 Comments
Comment