অসমৰ ৰাষ্ট্ৰীয় উদ্যান

অসমৰ ৰাষ্ট্ৰীয় উদ্যান

 


অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন সোধা দেখা যায়। বৰ্তমান অসমৰ ৭ খন ৰাষ্ট্ৰীয় উদ্যান আছে । এই প্ৰবন্ধটোত অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে।


অসমৰ প্ৰধান ৰাষ্ট্ৰীয় উদ্যানসমূহ হৈছে - 

১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 

২) মানাহ ৰাষ্ট্ৰীয় উদ্যান 

৩) নামেৰি ৰাষ্ট্ৰীয় উদ্যান

৪) ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

৫) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

৬) ৰাইমৰা ৰাষ্ট্ৰীয় উদ্যান

৭) দিহিং - পাটকাই ৰাষ্ট্ৰীয় উদ্যান 


তলত এই ৭ খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা হৈছে - 


১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে অসমৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান, যাক এটা খৰ্গ থকা গড় ৰ গৃহভূমি বুলিব পাৰি । এই ৰাষ্ট্ৰীয় উদ্যান খন গুৱাহটীৰপৰা ২১৭ কিলোমিটাৰ আৰু যোৰহাটৰ পৰা ৯৭ কিলোমিটাৰ আঁতৰত অৱস্থিত। এই উদ্যান খনে প্ৰায় ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে । এই উদ্যান খন গোলাঘাট,বিশ্বনাথ, শোণিতপুৰ, আৰু নগাঁও জিলাৰ কিছু অংশ আগুৰি আছে।


১৯০৮ চনৰ ৩ জানুৱাৰী তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আৰু তাত জীৱ জন্তু হত্যা কৰাটো সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হৈছিল।

১০ নৱেম্বৰ,১৯১৬ চনত এই উদ্যান খনক খেল বনাঞ্চল নামেৰে নামকৰণ কৰা হৈছিল।

আকৌ , ১১ ফেব্ৰুৱাৰী, ১৯৭৪ চনত কাজিৰঙাক  ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হৈছিল।

ঠিক সেইদৰে, ৩ আগষ্ট, ২০০৭ ত কাজিৰঙা ক 'প্ৰজেক্ট টাইগাৰ ( project tiger) ত অন্তৰ্ভুক্ত কৰা হয়।

১৯৮৫ চনত ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল।

এটা খৰ্গ থকা গড় ৰ উপৰিও হাতী, বাঘ , হৰিণ আদিকে ধৰি ইয়াত বিভিন্ন জীৱ জন্তু আছে।



২) মানাহ ৰাষ্ট্ৰীয় উদ্যান : মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ এখন অতি মনোমোহা উদ্যান । ইয়াতো বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু পোৱা যায়। এই উদ্যানখনে চিৰাং আৰু বাক্সা ক আগুৰি আছে । ই গুৱাহাটীৰ পৰা প্ৰায় ১৮০ কিলোমিটাৰ নিলগত অৱস্থিত। এই উদ্যান খনে ৮৫০ বৰ্গ  কিলোমিটাৰ আগুৰি আছে । মানাহ ক ১৯২২ চনত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। ১৯৭৩ চনত এই উদ্যান খন প্ৰজেক্ট টাইগাৰ ( project tiger) ত অন্তৰ্ভুক্ত  হয়। আকৌ , ১৯৮৫ চনত ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। মানাহ ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ১৯৯০ চনত প্ৰতিষ্ঠিত কৰা হৈছিল।



৩) নামেৰি ৰাষ্ট্ৰীয় উদ্যান : নামেৰি ৰাষ্ট্ৰীয় উদ্যান খন শোণিতপুৰ জিলাত অৱস্থিত। ই ২০০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে । ১৮ ছেপ্টেম্বৰ , ১৯৮৫ ত ইয়াক বনাঞ্চল হিচাপে ঘোষণা কৰা হয়। ১৯৯৭ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান খন বিভিন্ন জীৱ জন্তু ৰ গ্ৰহভূমি। ইয়াত দেওহাঁহ পোৱা যায়। ইয়াৰ মাজেৰে জীয়া ভৰলী নদী বৈ গৈছে।




৪) ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান: ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ব্ৰহ্মপুত্ৰ ৰ দক্ষিণ পাৰত অৱস্থিত। এই উদ্যানখনে প্ৰায় ৩৪০ বৰ্গ কিলোমিটাৰ আগুৰি আছে। এই উদ্যান খনে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ কিছু অংশ আগুৰি আছে।এই উদ্যানখন গুৱাহাটীৰপৰা ৪৯০ কিলোমিটাৰ নিলগত অৱস্থিত। এই উদ্যানখনক ৯ মাৰ্চ , ১৯৯৯ চনৰ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছে।



৫) ওৰাং ৰাষ্ট্ৰীয় উদ্যান: ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনে ৭৮.৮১ বৰ্গ কিলোমিটাৰ আগুৰি আছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন বনাঞ্চল হিচাপে ১৯৮৫ চনত স্বীকৃত হৈছিল । ১৩ এপ্ৰিল, ১৯৯৯ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি দিয়া হয়। এই ৰাষ্ট্ৰীয় উদ্যানখন ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালে অৱস্থিত। এই উদ্যানখনে ওদালগুৰি আৰু শোণিতপুৰ জিলা আগুৰি আছে।




৬) ৰাইমৰা ৰাষ্ট্ৰীয় উদ্যান : ৰাইমৰা ৰাষ্ট্ৰীয় উদ্যানখন গোঁসাইগাওঁ আৰু বড়োলেণ্ড এলেকাৰ কোকৰাঝাৰ জিলাত অৱস্থিত। এই উদ্যানখনে সৰ্বমুঠ ৪২২ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে। ২০২১ চনৰ ৯ জুন তাৰিখে ৰাইমৰা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যানখন কোকৰাঝাৰ জিলাৰ পৰা ৬০ কিলোমিটাৰ নিলগত অৱস্থিত। ইয়াত বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু পোৱা যায়।




৭) দিহিং - পাটকাই ৰাষ্ট্ৰীয় উদ্যান : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। এই উদ্যানখনে ২৩৪.২৬ বৰ্গ কিলোমিটাৰ আগুৰি আছে। এইখন বন্যপ্ৰাণী বনাঞ্চল  হিচাপে ২০০৪ চনৰ ১৩ জুন তাৰিখে ঘোষণা কৰা হৈছিল। ১৩ ডিচেম্বৰ ২০২০ ত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়।



Post a Comment

0 Comments