ভোগালী বিহু

ভোগালী বিহু

 

ভোগালী বিহু 




বিহু হৈছে অসমৰ প্ৰধান উৎসৱ । ই অসমৰ জাতীয় উৎসৱ । বিহু উৎসৱৰ সময়ত সকলো অসমীয়াৰ মন আনন্দ - উল্লাখেৰে ভৰি পৰে । অসমীয়াৰ প্ৰধান বিহু তিনিটা । যেনে বহাগ বিহু , কাতি বিহু আৰু মাঘ বিহু। এই অনুচ্ছদত প্ৰধানকৈ মাঘ বিহুৰ বিষয়ে আলোকপাত কৰা হৈছে।









"ভেলাঘৰ সাজিলি অ ' 

        মেজিও সাজিলি 

               গৰৈমাৰী বিলৰে মাছ, 

ন - বৰা ধানেৰে অ ' 

         চুঙা চাউল পৰিলোঁ 

               ভোগালীক আদৰো আহ ।"




ভাৰতবৰ্ষ তথা অসম এখন কৃষিভিত্তিক দেশ বা ৰাজ্য । কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই অসমৰ মানুহে জীৱন নিৰ্বাহ কৰে । কৃষিকাৰ্য্যৰ  লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ - পাৰ্বনো অসমৰ মানুহে উদযাপন কৰি আহিছে । সেইসকল উৎসৱৰ ভিতৰত বিহু অন্যতম ।


বিহু : বিহু হৈছে অসমৰ জাতীয় উৎসৱ । ই হৈছে অসমীয়াৰ প্ৰাণৰ উৎসৱ । অসমৰ পৰম্পৰাগত বিহু উৎসৱটি প্ৰতিজন অসমীয়াৰ মন - প্ৰাণত আলোকিত হৈ থকা এটা উৎসৱ । প্ৰতিটো বছৰত কৃষিৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়াসকলে তিনিটাকৈ উৎসৱ পালন কৰি আহিছে । যেনে বহাগত বহাগ বিহু, কাতিত কাতি বিহু আৰু মাঘত মাঘ বিহু।


ভোগালী বিহু: ভোগ আৰু আনন্দ উৎসৱৰ বিহুতিয়েই হৈছে ভোগালী বিহু। ভোগালী বিহুৰ সময়ত খেতিয়কসকলে খেতি চপাই ঘৰলৈ লৈ আহে । শীতৰ আগমনৰ লগতে বিভিন্ন খাদ্য - সামগ্ৰীৰ উভৈনদী হৈ পৰে এই সময়ছোৱাত। সেয়েহে সমগ্ৰ অসমতে ভোগৰ উৎসৱটি পালন কৰা হয়। 







          ভোগালী বিহু অহাৰ সময়ত প্ৰতিজন অসমীয়াৰ গা সাতখন - আঠখন হৈ পৰে । বিভিন্নজনে বিভিন্ন কামত ব্যস্ত হৈ পৰে । বিশেষকৈ ডেকাসকলে ভেলা বা মেজি সজাত ব্যস্ত হৈ পৰে , ছোৱালীসকলে পিঠা - পনাৰ লগতে বিভিন্ন খোৱা - বস্তু তৈয়াৰ কৰে। ভোগালী বিহুত দোমাহীৰ সমানে গুৰুত্বপূৰ্ণ হৈ পৰে উৰুকাৰ দিনাখনো। উৰুকাৰ দিনাখন গাওঁৰ সকলো মানুহে একলগ হৈ  মেজিৰ তলত ভোজভাত খায়।


"অগ্নিং প্রজ্জ্বলিতং বন্দে চতুর্ব্বেদং হুতাশনং।

 সুবৰ্ণ-বর্ণমমলং জ্যোতি ৰূপায় তে মনঃ।।"


  পিছদিনাখন ৰাতিপুৱা সকলোৱে লগ হৈ উপৰোক্ত শ্লোকফাকি গায় গায় মেজি জ্বলাই অগ্নি দেৱতাক পূজা অৰ্চনা দিয়ে । কিছু কিছু অঞ্চলত সেইদিনাখন নাম - কীৰ্তন কৰাও দেখা যায়। ইয়াৰোপৰিও সৰুৱে ডাঙৰক সেৱা জনায় আৰু আশীৰ্বাদ লয়। 

         ভোগালী বিহুৰ লগত সংগতি ৰাখি বিভিন্ন স্থানত বিভিন্ন খেল ধেমালিও অনুষ্ঠিত হয় । বিশেষকৈ নাও খেল , কণী খেল, কুকুৰা যুঁজ , মহ যুঁজ আদি উল্লখযোগ্য।

মুঠতে , সকলো ধৰণৰ প্ৰস্তুতি চলাই অতি ধুম - ধামেৰে অসমীয়া সকলে মাঘ বিহু পালন কৰে ।




ভোগালী বিহুৰ গুৰুত্বতা: ভোগালী বিহু হৈছে প্ৰতিজন অসমীয়াৰ হৃদয়ৰ উৎসৱ। এই উৎসৱৰ যোগেদি প্ৰকাশ পাই উঠে প্ৰতিজন অসমীয়াৰ মাজত থকা মৰম আৰু ভ্ৰাতিত্যবোধৰ চিন।

বৰ্তমান সময়ত অসমৰ  বাহিৰত থকা অসমীয়াসকলেও আজিকালি বিহু উৎসৱ পালন কৰা আমি দেখা পাওঁ। ইয়াৰ উপৰিও , অসমত থকা অনা - অসমীয়াসকলেও এই উৎসৱটি কিছু অংশে  পালন কৰা দেখা যায়।


Post a Comment

0 Comments