১) বনাঞ্চল ধ্বংসৰ কাৰণবোৰ কি কি?
উত্তৰঃ ক ) খেতি বাতিৰ বাবে মাটি উলিয়াবলৈ
খ্ ) ঘৰ আৰু কাৰখানা নিৰ্মাণৰ বাবে
গ্) আছবাব পত্র বনোৱাৰ বাবে বা ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰিবলৈ
২) বনাঞ্চল ধ্বংসৰ প্ৰাকৃতিক কাৰণ কি?
উত্তৰঃ বনজুই আৰু প্ৰচণ্ড খৰাং|
৩) বনাঞ্চল ধ্বংসৰ পৰিণতিসমূহ কি কি?
উত্তৰঃ ক ) বনাঞ্চল ধ্বংসই পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বঢ়ায় |
খ ) নিৰ্বণাণীকৰণে বায়ুমণ্ডলত কাৰ্বণ ভাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰায়।
গ ) ভূগৰ্ভস্থ পানী পৃষ্ঠ তললৈ নামে |
ঘ ) প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰে |
ঙ্ ) বৰষুণৰ পৰিমাণ আৰু মাটিৰ উৰ্বৰতা কমিব পাৰে৷
চ্ ) বানপানী আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
8 ) মৰুভৱন কাক বোলে?
উত্তৰঃ গছ - গছনিৰ সংখ্যা পাতলীয়া হলে মাটিৰ খহনীয়া বৃদ্ধি হয় ৷ মাটিৰ ওপৰৰ খাৰুৱা তৰপটো খহাই নিলে তলৰ কঠিন আৰু শিলাময় স্তৰটো ওলাই পৰে | তেনে মাটিত কম পৰিমাণৰ হিউমাছ থাকে আৰু উৰ্বৰতা কম হয় ৷ লাহে লাহে এনেদৰে উৰ্বৰ ভূমিখণ্ড মৰুভূমিলৈ পৰিৱৰ্তিত হয়৷ ইয়াকে মৰুভৱন বোলে৷
৫ ) অভয়াৰণ্য কাক বোলে?
উত্তৰঃ প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনোধৰণৰ ক্ষতিসাধন নকৰাকৈ সুৰক্ষা প্রদান কৰা অঞ্চলকে অভয়াৰণ্য বোলে৷
0 Comments
Comment