কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত
বিশ্বৰ ছন্দে
ছন্দে মহানন্দে
আনন্দে নাচা।
নাচা তমোহৰ দেউ নাচা।
বন্দে বন্দে
আজি সৱ
ভকত বৃন্দে
তব চৰণ কমল
বন্দে।
জ্বলোৱা সাগ্নিক
তপো হোম বহ্নি
বিনাশক এন্ধাৰ
তব জয়ী অগ্নি
বিশ্বৰে দেউলত
জ্ঞানৰে বন্তিৰ
আলোকৰে শিখা
উঠক নাচি
অজ্ঞান এন্ধাৰ
বিনাশি
পুলকানন্দে...........
নাচোনৰ তালে তালে পুষ্পিত বননি
ছেৱে ছেৱে হালে জালে বিকশিত ফুলনি
আমোল মোল কৰে শুৱনী ধৰণী
পুষ্পিত সুবাসিত গন্ধে।
*****************
ফুল কুঁৱৰী ৰস চুমিলৈ
পলাই ভোমোৰা
মুখ ঢাকি তাই
কান্দে লুকাই
আপোন পাহৰা।
সেই ফুলকে বুটলি আনি
তিয়ালো চকুলো সানি
গাথিলো ফুলৰ মালা
ৰসেৰে ভৰা।
সেই ফুলৰেই মালা ধাৰি
ললো মোৰ ডিঙিতে আঁৰি
সেই স্মৃতিকেই সুঁৱৰি মই
হলো বিভোৰ।
0 Comments
Comment