সবাতোকৈ আপোন
হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি
তথাপি আপোন মোৰ আই,
গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী
তেৱেঁ মোক দিলেহি চিনাই ।
হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী
তথাপি আপোন মোৰ দেশ,
ইয়াৰ নগৰ গাঁও জান-জুৰি প্ৰাণৰ চিনাকি
যাৰ নাই মহিমাৰ শেষ।
হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া
তথাপি আপোন এই ভাষা,
তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাব কুমলীয়া
সুখ দুখ স্নেহ শান্তি আশা।
মোৰ আই, মোৰ দেশ, মোৰ ভাষা ভাল পাওঁ
তাৰে মই চিনিম জগত,
সুবিশাল পৃথিৱীত হাতে হাতে ধৰাধৰিকৈ
খোজ দিম সবাৰে লগত ।
কবি – নৱকান্ত বৰুৱা
0 Comments
Comment