শিয়ালী আৰু ঈগল চৰাইৰ সাধু :
এখন হাবিত এজোপা প্রকাণ্ড গছ আছিল।গছ জোপাত এজনী ঈগল চৰাই বাস কৰিছিল। গছজোপাৰ তলতে এটা গাঁতত এজনী শিয়ালী আছিল। শিয়ালীৰ তিনিটা পোৱালী আছিল।
এদিন ঈগল চৰাইজনীয়ে গছজোপাৰ তলত শিয়ালীজনীৰ পোৱালি এটাই খেলি থকা দেখা পালে। সেই সময়ত শিয়ালী আহাৰ বিচাৰি ওলাই গৈছিল। এই সুযোগতে ঈগল চৰাইজনীয়ে শিয়াল পোৱালিটোক থাপ মাৰি আনি বাহত সুমাই থলেহি। কিছু সময়ৰ পিছতে শিয়ালীয়ে পোৱালিকেইটাৰ বাবে কিছু খোৱাবস্তু লৈ আহি পোৱালি তিনিটাৰ এটাক নেদেখি আচৰিত হ’ল। অলপ পিঁছতে তাই গম পালে যে তাইৰ হেৰোৱা পোৱালিটো ঈগলৰ বাহত আছে। ঈগল চৰাইজনীৰ এনে কাৰ্যত শিয়ালীৰ খং উঠিল। পোৱালিটোক ঘূৰাই দিবলৈ তাই ঈগল চৰাইটোক বাৰে বাৰে অনুৰোধ জনোৱা সত্ত্বেও ঈগল চৰাইটোৱে শিয়াল পোৱালিটো মাকক ঘূৰাই নিদিলে।শিয়ালীয়ে অনুনয় বিনয় কৰিও কোনো লাভ নোহোৱা দেখি ঈগল চৰাইজনীক কি উপায়ে এশিকনি দিব পৰা যায় তাৰহে উপায় চিন্তা কৰিবলৈ ধৰিলে। শিয়ালীয়ে ওচৰৰ গাওঁ এখনলৈ গৈ একুৰা জ্বলি থকা জুই দাঙি আনিলেগৈ আৰু ঈগল চৰাই বাস কৰা গছজোপাত জুই লগাই দিবলৈ সাজু হ’ল। শিয়ালীৰ এই কার্য দেখা পাই ঈগল চৰাইজনীয়ে বৰ ভয় খালে। তাই গছৰ ওপৰৰ পৰা মাত লগালে,“হেৰা জ্ঞাতি। তুমি মিছাতে খং কৰিছা। গছজোপাত জুই নলগাবা।মই তোমাৰ পোৱালিটো এতিয়াই ঘূৰাই দিম।" এইবুলি কৈ তাই শিয়াল পোৱালিটো গছৰ তলত থৈ আহিল।
তত্ত্বকথা: জানি শুনি অপকাৰ কৰাজনৰ ওচৰত অনুনয় বিনয় কৰি কোনো লাভ নাই। এনে শত্রুক কৌশলেৰে আক্ৰমণ কৰিহে বশ কৰিব পাৰি।
0 Comments
Comment