লাচিত বৰফুকনৰ সাধু:
অসমত লাচিত বৰফুকন নামেৰে এজন অতি সাহসী সেনাপতি আছিল। তেঁওৰ দেউতাকৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা। দেউতাক মোমাই তামুলী বৰবৰুৱা ৰাজসভাৰ এজন উচ্চপদস্থ বিষয়া আছিল। লাচিত বৰফুকনে সৰুৰে পৰাই দেউতাকৰ ৰাজসভাৰ কাম - কাজবোৰ পৰ্যবেক্ষণ কৰি আছিল আৰু তাৰ পৰাই তেওঁ বহুতো কথা শিকিব পাৰিছিল।
কেইবছৰমান পিছত ৰজাই লাচিত বৰফুকনক সেনাপতি পতাৰ কথা মনত থিৰাং কৰিলে। কিন্তু তাৰ আগতে স্বৰ্গদেৱে লাচিত বৰফুকনৰ নিৰ্ভিকতা আৰু আত্মমৰ্য্যাদাবোধৰ প্ৰমাণ চাব বিচাৰিলে। সেই অণুক্ৰমে লাচিতক স্বৰ্গদেউৰ ওচৰলৈ মাতি অনা হ'ল।স্বৰ্গদেউৰ আগত আঁঠু লবৰ সময়ত আঁৰত থকা লিগিৰা এটাই স্বৰ্গদেউৰ গোপন ইংগিতমতে বেগেৰে আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপমাৰি কাঢ়ি লৈ গ'ল । এইদৰে মূৰত পিন্ধা কাপোৰ কাঢ়ি নিয়াটো তেতিয়াৰ দিনত ,নাইবা আজিও , বৰ অপমানৰ কথা। লিগিৰাটোৰ কৰ্মত লাচিতৰ বৰ খং উঠিল আৰু তেওঁ খাপৰ পৰা হেংদান উলিয়াই লিগিৰাটোক কাটিবলৈ খেদি গ'ল । উপায় নাপাই লিগিৰাই স্বৰ্গদেউৰ সিংহাসনৰ তলত আহি সোমালহি। লাচিতে তালৈকে উগ্ৰমূৰ্তি হৈ লিগিৰাটোক কাটিবলৈ চোচা মাৰিলে। এনেতে স্বৰ্গদেৱে বাধা দিলে আৰু লাচিতৰ অপৰিমেয় সাহসৰ প্ৰমাণ পাই স্বৰ্গদেৱে তেওঁক প্ৰশংসিত কৰিলে।অবশেষত স্বৰ্গদেৱে লাচিতক সোণোৱালী হেংদান আৰু মৰ্য্যাদা অনুসৰি অন্যান্য খিতাপ দি আনুষ্ঠানিকভাৱে সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে।
0 Comments
Comment